পৃষ্ঠা:Su swasthyar aadhar.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগকথা ভাৰতীয় চিকিৎসা পদ্ধতিৰ এক গৌৰৱ উজ্জ্বল ইতিহাস আছে। বেদ, উপনিষদ আদি গ্ৰন্থত উল্লেখিত ভাৰতীয় চিকিৎসা পদ্ধতি যেনে- আয়ুর্বেদ, যােগ আৰু প্রাকৃতিক চিকিৎসা পদ্ধতিয়ে মানৱ জাতিৰ স্বাস্থ্য ৰক্ষা আৰু ৰােগ নিবাৰণৰ ক্ষেত্ৰত অতীজৰে পৰা বিশেষ অৱদান আগবঢ়াই আহিছে। ইয়াৰ সৈতে গ্রীছ আৰু জার্মানীত উদ্ভাৱিত ইউনানী আৰু হােমিঅ’ চিকিৎসা পদ্ধতিৰ সংযােজন কৰি কেন্দ্ৰীয় চৰকাৰে আয়ুর্বেদ, সিদ্ধা (দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত প্রচলিত এটি চিকিৎসা পদ্ধতি), ইউনানী, যােগ আৰু প্রাকৃতিক চিকিৎসা তথা হােমিঅ'পেথিক চিকিৎসাৰ প্ৰসাৰ আৰু বিকাশৰ হকে ১৯৯৫ চনত Indian System of Medicine & Homoeopathy নামেৰে এক সুকীয়া বিভাগ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ অধীনত স্থাপন কৰে। ২০০৩ চনত উক্ত বিভাগক আয়ুষ (AYUSH) বিভাগ হিচাপে নামাকৰণ কৰা হয়। এই চিকিৎসা পদ্ধতিসমূহৰ ক্রমবর্ধমান জনপ্রিয়তা আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি ২০১৪ চনৰ ৯ নৱেম্বৰত কেন্দ্রীয় চৰকাৰে সুকীয়াভাৱে আয়ুষ মন্ত্রালয় গঠন কৰে আৰু একেবৰ্ষতে ৰাষ্ট্ৰীয় আয়ুষ অভিযানাে আৰম্ভ কৰে। অসম চৰকাৰে উল্লেখিত চিকিৎসা পদ্ধতি সমূহৰ বিকাশ আৰু পৰিচালনাৰ বাবে আমাৰ ৰাজ্যত এক সুকীয়া আয়ুষ সঞ্চালকালয় স্থাপন কৰি ২০১২ বৰ্ষৰ পৰা কাৰ্য্যক্ষম কৰে। ২০১৫ চনৰ পৰা অসমত ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰম্ভ কৰি বিভিন্ন আচনি ৰূপায়ণ কৰি আহিছে। অসমত ১৯৪৮ চনতে চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় গুৱাহাটীৰ জালুকবাৰীত স্থাপন কৰা হয়। যাঠী আৰু সত্তৰৰ দশকত তিনিখন হােমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় ক্রমে নগাও, যােৰহাট আৰু গুৱাহাটীত স্থাপিত হয়। এই চিকিৎসা মহাবিদ্যালয় সমূহৰ