পৃষ্ঠা:Su swasthyar aadhar.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পৰা শিক্ষা গ্ৰহণ কৰি বহুতো অভিজ্ঞ আয়ুৰ্বেদ আৰু হোমিঅ'পেথিক চিকিৎসকে ৰাজ্যত সেৱা আগবঢ়াই আহিছে। আয়ুষ চিকিৎসা পদ্ধতি প্ৰয়োগৰ দ্বাৰা ৰাইজৰ মাজত স্বাস্থ্যৰ সচেতনতা বৃদ্ধি কৰি সু-স্বাস্থ্যৰ অধিকাৰী, ৰোগ আৰোগ্য তথা ৰোগ নিবাৰণ আৰু এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে আয়ুৰ্বেদ, যোগ ও প্ৰাকৃতিক চিকিৎসা আৰু হোমিঅ'পেথিক চিকিৎসা বিধানৰ সমাহাৰেৰে সমাদৃত “সু-স্বাস্থ্যৰ আধাৰ” শীৰ্ষক এই গ্ৰন্থখন প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আয়ুষ চিকিৎসা পদ্ধতি বিভিন্ন অভিজ্ঞ চিকিৎসক, শিক্ষাবিদ, স্বাস্থ্য খণ্ডত নিয়োজতি বিভিন্ন উচ্চ পৰ্য্যায়ৰ বিষয়াৰ পৰামৰ্শ মৰ্মে এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। এই গ্ৰন্থখনি আয়ুৰ্বেদ, যোগ ও প্ৰাকৃতিক চিকিৎসা আৰু হোমিঅ'পেথি চিকিৎসাৰ পৰিচায়ক হিচাপে বিষয় সমূহ সংক্ষিপ্ত টোকাৰে সৰ্বসাধাৰণ ৰাইজৰ আগত দাঙি ধৰা হৈছে। পাঠকে সহজতে বুজিব পৰাকৈ অতি সৰলভাৱে স্বাস্থ্য ৰক্ষাৰ বিধানসমূহ এই গ্ৰন্থত লিপিবদ্ধ কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে।

 আয়ুষ চিকিৎসা পদ্ধতিৰে বিভিন্ন ৰোগৰ সুলভ আৰু সহজলভ্য চিকিৎসা প্ৰদান কৰিব পাৰি। তাৰোপৰি বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত এই চিকিৎসা পদ্ধতিৰ ভূমিকা উল্লেখনীয়। অসমৰ স্বাস্থ্যখণ্ডত বৰ্তমান ১০০০ ৰো অধিক চৰকাৰী আয়ুবেদিক আৰু হোমিঅ'পেথিক চিকিৎসা বিষয়াই সেৱা আগবঢ়াই আহিছে। তাৰোপৰি সকলো জিলা পৰ্য্যায়ৰ চিকিৎসালয়ত District AYUSH Wings। CHC, PHC আদি পৰ্য্যায়ত AYUSH OPD নিৰ্মাণৰ ব্যৱস্থা লোৱা হৈছে। মাজুলী আৰু দুধনৈত ২খন ৫০ খন বিচনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয় নিৰ্মানৰ কাম চলি আছে। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াভাৱে উন্নত মানদ্বণ্ডৰ আয়ুৰ্বেদ আৰু হোমিঅ'পেথিক দৰৱৰ বিতৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আয়ুষ সঞ্চালকালয় অসমৰ জৰিয়তে ইতিমধ্যে অসমৰ ১০০ টা উন্নয়ন খণ্ডত যোগকেন্দ্ৰ স্থাপন কৰিছে আৰু এই বিত্তীয়বৰ্ষত বাকী থকা সকলো উন্নয়ন খণ্ডত যোগ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে যোগৰ প্ৰসাৰ আৰু বিকাশৰ বাবে ইতিমধ্যে Assam Yoga Council Act, ২০১৮ৰ অনুমোদন কৰিছে। ৰাজ্যৰ সকলো জিলা কাৰাগাৰ, জিলা ক্ৰীড়া ষ্টেডিয়ামত যোগ কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰোপৰি ৰাজ্যৰ তিনিওখন