পৃষ্ঠা:Sarapahi.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 ক-খ নিশিকিলে কেতিয়াও অসমীয়া ভাষা শিকিব, লিখিব নোৱাৰি, সেইদৰে এ.বি.চি. শিকিলেহে ইংৰাজী শিকিব পাৰি। ক ফলা শিক্ষাৰ মাধ্যম। ইয়াৰ আশ্ৰয়তেই লেখক গঢ়ি উঠিছে। একোজন ব্যক্তিয়ে সাধনাৰ ফলত সিদ্ধি লাভ কৰে। তেনে এজন ব্যক্তি হ’ল প্রভাত হালৈ ৷ ওজাপালিক বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্রত যথেষ্ট অভিজ্ঞতা আছে। সকলোৱে ডাইনাপালি বুলিয়েই জানে। ওজা সংস্কৃতিৰ ফাকে ফাকে সুৰুঙা উলিয়াই অন্তৰত লুকাই ৰাখিছিল সাহিত্য ফুলনিত ফুল ফুলাবলৈ ৷ ৰচিবলৈ সক্ষম হ’ল বিল্বেশ্বৰৰ আদি কথা, সৰাপাত, বিল্বেশ্বৰ, ১৯৮০ চনৰ ৰক্তাক্ত ইতিহাস, আকৌ ওলাল সৰাপাহি। লেখকৰ সাহসৰ টোপোলাটো তেনেই গধুৰ হৈ আহিল। এখনৰ পিছত এখন কিতাপ জন্ম দিবলৈ ধৰিলে। প্রকৃত যোদ্ধাই কেতিয়াও যুদ্ধৰ পৰা পিচ হুহুকি নাহে, তেনেদৰে প্রভাত হালৈয়েও নিজৰ কৰ্ম-সংস্কৃতিৰ দিশত পিছুৱাই অহা নাই।

 সৰাপাহি এখনি উদ্দেশ্য ধৰ্মী স্মৃতিৰ এখিলা পাত বুলিলেও ভুল নহ’ব। অতীতৰ সমাজৰ কিছুমান কৃতবিদ্য লোকক পাহৰণিৰ গৰ্ভৰ পৰা বুটলি আনিবলৈ চেষ্টা কৰিছে। নিঃস্বাৰ্থ ভাবে সমাজক ভালপোৱা, দেশক ভালপোৱা কেইজনমান মহান ব্যক্তিক শ্ৰদ্ধাৰে সুৱৰি আদৰ্শ বিলাবলৈ প্ৰচেষ্টা চলোৱাটো এখন বহল মনৰ, বহল ভাবৰ পৰিচয় দাঙি ধৰিছে।

 প্ৰতিটো কবিতাৰ বিষয়বস্তু বিলাক পৌৰাণিক কাহিনীৰ আধাৰত ৰচনা কৰি পাকৈত হাতৰ, পাকৈত মনৰ পৰিচয় দিছে। অতি যুক্তিপূৰ্ণ, বাস্তৱ দৃষ্টিৰে প্রতিটো কবিতা ৰচনা কৰাত সিদ্ধহত্তৰ পৰিচয় দিছে। সৰাপাহিয়ে নিশ্চিতভাবেই ৰাইজৰ আদৰ লাভ কৰিব।

 শ্ৰীযাদৱ সেন ডেকা
 সাহিত্যিক পেঞ্চনাৰ
উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম
 ০৮/০৮/২০১৭ ইং)