পৃষ্ঠা:Sarapahi.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
অভিনন্দন

 কবি শ্ৰীপ্ৰভাত হালৈৰ তেইশটা কবিতা ছন্দময় কবিতা। কবিতাৰ পিতৃ হ’ল ভাষা আৰু মাতৃ হ’ল ছন্দ। সেয়েহে ভাষাক ছন্দ বন্ধনেৰে ধৰি ৰাখিলে কবিতাৰ ৰূপ লাভ কৰে। সত্যক সুন্দৰ কৰাই কবিৰ ধৰ্ম। জীৱনৰ সত্যক কবিয়ে সৌন্দৰ্যলৈ ৰূপান্তৰিত কৰে। মাটিত ভৰি থৈ কবিয়ে দুহাত মেলি আকাশলৈ কাব্যকৃতি এৰি দিয়ে। কবিতা বিশ্বমুখী হয়। কবিৰ জীৱন দৰ্শনে ধৰ্মীয় ভাব লৈ উত্তৰণ হোৱা পৰিলক্ষিত হয় কবিতা সমূহৰ জৰিয়তে। কবিতা সমূহ পঢ়িলে এনে ভাব হয় এয়া যেন প্রভাত হালৈ নতুন কবি নহয়, পৌঢ় কবিহে। কবিতাৰ চিত্ৰকল্পও সুন্দৰ।
 কবিতাৰ ভাষা সহজ-সৰল। সহজ বোধগম্য। সৰ্ব সাধাৰণ পাঠকৰ বাবে সুখ পাঠ্য হ’ব। কবিৰ পৰা ভবিষ্যতে অধিক ধৰ্মীয় কাব্য সাহিত্যৰ অৱদান পোৱাৰ আশা কৰা হ’ল। সকলো লোক কবি হ’ব নোৱাৰে। কিছু কিছু লোকহে কবি হয় আৰু অতি কম সংখ্যকহে কীৰ্তিমন্ত হয়। কবি হ’ব লাগিলে সাধনা কৰিব লাগিব। সাধক হ'বলৈ হ’লে ধ্যান-তপস্যা কৰিব লাগিব।
 কবিতাৰ বিষয়ে বিভিন্ন ভাব-চিন্তা অহাৰ মাজতে মোৰ হাতত পৰিল প্রভাত হালৈৰ এমুঠি কবিতাৰ থুপ। বৃত্তিত হালৈ ওজা দলৰ ডাইনাপালি হৈয়ো আজৰি পৰত তেওঁ বিচৰণ কৰিছে কাব্য চৰ্চাৰ বিশাল ক্ষেত্ৰত। প্ৰভাত হালৈৰ ঐকান্তিক চেষ্টা আৰু সাধনাই সিদ্ধিলাভ কৰক তাৰেই একান্তভাৱে বাঞ্চা কৰিছোঁ। তেওঁৰ এই যাত্ৰা অনিৰুদ্ধ যাত্ৰা হওঁক। তেওঁৰ সাহিত্য সৃষ্টিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।

 

 শ্ৰীকৰুনা কান্ত ভড়ালী
প্রাক্তন সহকাৰী সম্পাদক
 অসম সাহিত্য সভা
 ০১/০২/২০১৭ ইং