সদধামীনৰ আত্মজীৱনী বাৰিক মেষ্টৰ (১) সাহেবকে লাট সাহেব চাৰিহাজাৰ টাকা জৰিমানা কৰে ৷ ১৫৮ আৰে৷ এই সনৰ আষাৰ মাহৰ ৩২ তাৰিখে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি উজনীৰ মাজোলীখণ্ড দেশ ডুবাই সত্ৰ সভা তল কৰি অনেক গৰু মানুহ মাৰে । ও দক্ষিণপাট সত্ৰৰ নামঘৰ তল যায় ও কমলাবাৰী ভঁৰাল তল যায় । আউনীআটী সত্ৰ তল যায়; অন্যকি মহাপ্ৰভুক কলৰ ভেল কৰি মাটি দি তাতেই ধোৱাইছিল। গোসাঞী ঈশ্বৰে সেইমত (২) ভোৰ কৰি মাটি দি ভোজন কৰিছিল। শিবসাগৰৰ পুখুৰী তল গৈছিল । আৰো ডিব্ৰুগড়ৰ কাছাৰী ও বৰপেটা সত্ৰ তল গৈছিল। পহু অনেক ব্ৰহ্মপুত্ৰত উটিছিল। গোটে ১০ আনা / আনা দাম হৈছিল। আৰো অনেক মৰিছিল। পুকুবলীয়া ও বৰখেলীয়াত কেৱল দুৰ্গন্ধময় হৈছিল ৷৷ ১৫৯ ৷৷ 82 বৰ পানীত আউনী- আটী সত্ৰ ও শিবসাগৰ পুখুৰী আৰু এই বৎসৰৰ শ্রাবণ মাহৰ পৰা অনাবৃষ্টি হেতু খেতিৰ অনাবৃষ্টি অনেক হানি হল ৷ ১৬০ | এই সনৰ ১৬ আশ্বিন, ৪৬ ইংৰেজীৰ ১ আক্টৰৰ শুক্লা ত্ৰয়োদশী তিথিত পুৰন্দৰ সিংহ ৰাজা উজানে মূত্রকৃচ্ছ বেমাৰে পুৰৰ মৃত হয়। তৎপুত্র কামেশ্বৰ সিংহ যুবৰাজ হয় । পৰে ৰাজা নাম লয় ৷ ১৬১ আৰো এই সনৰ আঘোণৰ পৰা ১৭৬৯ (৩) শকতক বৃহৎ মাৰী হয় ৷৷ ১৬২ ৷৷ আৰো এই সনে পুৰন্দৰ ৰাজাৰ খুৰা ইন্দু গোহাঞী সদৰ আমীন মকৰৰ হয় ॥ ১৬৩ আৰো এই সনে মাধব দেবালয়ৰ গঙ্গাধৰ দলৈ ফৌত হৱাতে দলৈপদ খালী হ'ল ! সেহেতু আমাৰ পুৰুহিত কামুৰাম টোকা—(১) ৰাজহুৱা পঁচা তোলা বিষয় । (২) তুৰ বুজাইছে । (৩) শকলৈ । ৰাজা মৃত বৃহৎ মাৰী ই- গোসাঞী
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৯
অৱয়ব