সৈ কঢ়োৱা শাস্তি দণ্ডবিধান সদৰামীনৰ আত্মজীৱনী “সেই টাকা সমন্বিতে বৈদক লৈ আহিছোঁ।” এই বুলি টাকা উপস্থিত কৰিলে ৷৷ ১৫৬ ৷৷ মঞি চ'ৰাঘৰতে টাকা গৰ্তি কৰি চালোঁ, ৪০০ মান টকা হ'ল। বাকী টকাৰ কথা বৈদক সোধাত, নাই-নুই, বুলি কলে । পাছে জীউৰামে, কি সুধিব লাগে, বুলি আঙ্গুলি চেপা দিবৰ উপক্ৰম কৰাতে, মঞি ভিতৰলৈ গলোঁ। পাচে, আঙ্গুলি চেপা দিয়াত এই কথা কলে, “মঞি জানো অকলে নিছোঁ, পূজাৰী সহিতে দুই জনে নিছোঁ। মোৰখিনি মঞি দিছোঁ ; তাৰখিনি সি দিয়ক।” এই কথা শুনি মঞি বাহিৰে চ'ৰাঘৰে আহি ৰাধানাথক সোধাত প্ৰথম কবুল নকৰিলে, পৰে জীউৰামে টান দিয়াত কবুল কৰি ফুলনি বাৰীৰ পৰ৷ ৪৷৫ দফে মাটি খুঁচৰি ২০।৩০ বিশ ত্রিশ টকাকৈ আনি দিলে । সমূলে ৭৪০ টকামান পোৱা গল । আৰো টকাজন্যে টান দিয়াত পোৱা ন’গল । বোধ হল, ঐ ৬০ টকা খোৱাৰ খৰচা দিতে গ'ল । ক'ৰ পৰা দিব, নাহক শাস্তি-বন্দী, কৰিবৰ কাম নাই। এহা যে পোৱা গল, ইও ভাগ্যৰ বিষয়। এইবুলি তেওঁলোক দুই জনকে গোহাটী নি প্রথম মহেশচন্দ্ৰ বৰুৱা ডিপুটী কালেক্টৰত কলো যে “মোৰ fool (টকা চুৰি কৰি দুই জনে নিছিল । নগ'ল। সেই টকা মঞি ত্যাগ কৰিলোঁ। দিব খোজোঁ।” “কেনেকৈ এৰি দিবা ? টকামান পোৱা তথাপি সিহঁতক এৰি সাহেবত কৈ গতাই দিয়াগৈ।” সেই অনুসাৰে ডালটিন সাহেবত সমুলি টাকা পোৱা খুলি বামুন দুইক এৰি দিবৰ কথা কোৱাতে, “কি কাৰণে এৰি দিম” বুলি সিহঁতক থানালৈ পঠাই দি কয়েদ কৰিলে। বিচাৰ কৰি দৌৰায় সম্পদ (১) কৰি সাত সাত বংসৰ ফাটেক দিলে ॥ ১৫৭ ॥ এই সনৰ জৈষ্ঠ মাহৰ ৫ দিন ধোৱাত গধূলি সময় ভূবঃকম্প গীৰ্জাঘৰ তাজি পৰা হৈ গোহাটীৰ গীৰ্জাঘৰৰ অগ্রভাগ চিঙ্গি পৰে । পৰে সেহেতু টোকা--(১) দৌৰায় সপদ - ফৌজদাৰী বিচাৰত সমৰ্পণ ।
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৮
অৱয়ব