সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

98 বৰ ঘৈণীৰ প্রথম বেমাৰ সদৰামীনৰ আত্মজীৱन তদপৰ বিবাহৰ সময় হোৱাতে জীউ মিত্ৰৰ জীয়েক পতিমাক বিবাহ কৰালে। কিন্তু সেই ছোৱালীৰ অল্প কালতে মৃত্যু হ'ল ৷ ১৪২ ॥ ও দেৱবৰ বৰদলৈ, আলহীৰ পুতেক মিহিৰাম ও শ্ৰীজয়ৰামক যোৰহাটৰ পৰা অনাই, লক্ষ্মীকান্তৰ বহিনী মালতীক মিহি ৰামত বিবাহ দিলে ॥ ১৪৩ ॥ এসকল কৰ্ম্ম তেওঁলোকক ভৰসা কৰি নকৰাত ৰমাকান্ত ও ৰতিকান্ত অনেক মতে হিংসা কৰিব ধৰিলে। সেই দেখি দেৱবৰ বৰদলৈৰ বহিনী ডালিমীয়ে, তৎপুত্র-লক্ষ্মীকান্তক মোৰ হাতে ধৰাই গতাই দিলে। আৰো কলে, – “পা, লৰাটোক লগুণো দিছ, কদাচ নেৰিবি, মোৰ শপত।” মঞো স্বীকাৰ কৰি কলে, “মোক নেৰ্মোনে মঞি কদাচ নেয়ে ” ৷ ১৪৪ ৷ তদপৰ সোণাৰি ভেঁটিত ঘৰ কৰিবৰ উদ্যাম কৰাতে, তেওঁ- লোকে তালৈকে যাবৰ কোৱাতে, মোৰ পশ্চিমে মিহিৰামক, তদ পশ্চিমে লক্ষ্মীকান্তক মাটি দিলোঁ ও ঘৰ কৰিবৰ জন্যে সাহায্য কৰিছিলোঁ ৷৷ ১৪৫ ৷ অতঃপৰ ঐ সোণাৰি ভেটিতে ঘৰ তৈয়াৰ হোৱাতে অগ্রায়ণ মাসে ৺মাতৃ সহিত যাই ঘৰ ললোঁ। এবং ৰাতি বৰঘৈণীয়ে ভাত ৰান্ধি সকলোকে খুৱালে ও তেওঁ খাই শয়ন কৰিব গৈছিল। মঞো শয়ন কৰিছোঁ, কিন্তু নিদ্ৰা হোৱা নাই ৷ এনেতে মঞি শয়ন কৰা চালপীৰাৰ কাখত থিয়হৈ, ভৰিৰ পৰা জিন্‌জিনাই আহিছে বুলি, পানী দে, বুলি বিলাহী বেটীক আৰ্দ্ৰৰাৱে মাতিব খৰাত, কাঁহৰ কলহৰে পানী দিয়াতে মোটেই কলছ পানী খালে। আৰু পানী আৰ বুলি কোৱাতে তৎক্ষণাৎ আনি দিয়াতে, আৰু আন বুলি কোৱাতে খালে। ও পুৰিছে পুৰিছে খুলি সেই শোৱনিৰতে পানী পাৰেমানে মূৰত চাৰি মাটিত