সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মীनt হেৰ কালেক্টৰ কামৰ পৰা বৰখাস্ত হৈ শীঘ্ৰে আপন পল্টনে হাজিৰ হবৰ কাৰণে কামাণ্ডীনৰ পৰা হুকুম অহাতে নলবাৰীৰ ধৰা হাজোৱেদি নেমসহিত গোহাটী আহি কলিকাতা গ'ল । আমালোকে গুৱাহাটী আহিলোঁ । তৎকর্ম্মে জানবটলৰ জুনিয়ৰ ইন্‌চার্জ হ'ল। এওঁ ইন্‌চার্জ হৈ বাসা দুৱাৰ আদি পেয়ার কৰিবৰ হুকুম জাৰি কৰিলে । এবং কাগজ দাখিল কৰাতে টাঙ্গনি, টাঙ্গনি, (১) বন্দবস্ত কৰিলে ৷৷ ১১৯ ॥ উইমেষ সাহেব বৰখাস্ত জানবটলৰ ইন্‌চার্জ এই সনৰ আষাৰ মাহে বৰপানী হই ৰদ্ৰেশ্বৰ গড়ৰ পশ্চিমে বৰপানী ধাকাতে চোতাল আদি তল যোৱাতে, সকলো বৰ বিৰক্ত হেন হাৱা গ'ল ৷ ১১২ ॥ স্কুল স্থাপন। কেতুগ্রহ। ভোটৰ লগত বৰন্ত । ১৭৬৪ শক, ১২৪৯ সন, ১৮৪২ ৪৩ ইংরেজী। জিনকিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও জানবটলৰ সাহেব ইন্‌চার্জ কালেক্টৰ। এওঁ বাসা দুৱাৰসকল ও পৰগণাসকল চাত সনৰ নিৰিথমতে এক এক সনা ম্যাদে বন্দবস্ত কৰিলে । হাজো-পৰগণাও গৌৰীকান্ত সহিত এক এক সনা ম্যাদে বন্দবল কৰাই ঠাকুৰীয়া কাকতীৰ দ্বাৰা খাজানা আদায় কৰি, সৰকাৰে দাখিল কৰাই সকল কৰ্ম্মৰ আঞ্জাম দি আছিলোঁ ৷ ১১৩ ॥ পৰগণা ও ছয়াৰ বন্ধবন্ত এবং হাজোত এটা ইস্কুল ঘৰ কৰিবৰ সৰকাৰৰ পৰা আদেশ হয়াতে বলোদেও শৰ্ম্মা ৰাজখোৱাকে কৰিবৰ আজ্ঞা দেওৱা গৈছিল। কিন্তু হীনত্তৰ কৰ্ম্ম কৰিৰ দিয়া বুলি তাচ্ছল্য জ্ঞান কৰাতে কামুৰাম শৰ্ম্মা পুৰুহিতকে কৰিবৰ আজ্ঞা দিয়াতে তেওঁ ইস্কুলৰ ঠাকুৰীয়াদি দ্বাৰা মানুহ নি তৈয়াৰ কৰালে। এহাতে তেওঁৰ প্রতি বৰ সন্তোষ হলোঁ । ১১৪ ॥ এই সনৰ ভাষাৰ মাছে অত্যন্ত ব্ৰহ্মপুত্ৰৰ পানী বাড়ি, টোকা— (১) টাঙ্গনি — মাটিৰ লেখ বুজাবলৈ কৰা ভাগ যা চছন ।