08 পৰগণ! বৰ গণো পটোৱাৰী মঞি একটাং পেচ কাৰ শিহডেকা কণ্টক সদৰামীনৰ আৱজীৱনী ২। উইমেষ কালেক্টৰ সাহেব বৰখাস্ত ১৭৬৩ শক, ১২৪৮ সন বাঙ্গালা, ১৮৪১:৪২ ইংৰাজী ৷ এই সনেও জিনকিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও উইমেষ সাহেব কালেক্টৰ আছিল। এওঁ সাহেৰে পগণ। সকল গত সনৰ নিৰিখ মতে এক এক সনা ম্যাদে বন্দবস্ত কৰিলে । কিন্তু এওঁ সাহেব অতান্ত ৰাগী ও খাটনিয়াৰ সকলৰ কথা বৰকৈ শুনা হ'ল । এহাতে কমিচনৰ ও ডিপুটী কমিচনৰ সাহেব অত্যন্ত মাৰাজ হল ৷৷ ১০৭ ॥ হাজে। পৰগণাত গৌৰীকান্ত সহিত একসনা ম্যাদে বন্দবস্ত কৰিলে। এবং জয় পটৱাৰী মৃত হোৱাতে, গণোকে পটৱাৰী মকৰৰ হ'ল ৷ মঞি ঐ পটৱাৰী ও ঠাকুৰীয়া দ্বাৰা খাজানা তহচীল কৰাই আনি সৰকাৰে দাখিল কৰি সকল সৰকাৰী কৰ্ম্মেৰ আঞ্জাম দিছিলোঁ ৷৷ ১০৮ ৷৷ সে যাহক ঐ উইমেষ সাহেব কালেক্টৰ মোক ১৮৪২ ইংরেজী ১৪ জুলাই একটাং পেচ্কাৰ ৩ টকা দৰমহাত মকৰৰ কৰিলে । তেওঁ মোক বৰ ভাল পাইছিল এবং গুছি হৈ ছাওগণ কাষ্টেৰ এটা ৰাইটীং সৰু পেৰা, একখন হাতকৰত দিছিল। তদপৰ আচালতন ব্যক্তি হাজিৰ হোৱাতে পুনৰ মোক ঐ সনৰ ৯ নওম্বৰ, ২১ টাকাত একটাং ৰোধকাৰী নবীচ মকৰৰ কৰে । ১০৯ ॥ তদপৰ কমাৰকুচিৰ শিহডেকা নামে একজন পৰগণতি কণ্টক ওলাই চাপাচী ৰাধাদি যাবত দৰখাস্ত দি মোক অনেক হাইৰান কৰিছিল। অৱশেষে একো কৰিব নোৱাৰি তেওঁ পৰলোক হল। তাৰে পৰাহে কন্টক গুচিল । ১১০ : শীতকাল হোৱাতে মঞি ও অন্য আমলা ও অজ্ঞদত্ত কটকী লঙ্কিত উইমেৰ কালেক্টর সাহেব মপম্বল ভ্ৰমণ কৰি ফেব্ৰুৱাৰী wes ফাল্গুন মাহে থানা নলবাৰী পালো। এনেতে উইমে
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৬
অৱয়ব