সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহেবে বেজীয়া দৈবজ্ঞৰ বিয়া পতা সদৰামীনৰ আত্মজী অসহ্য হৈ সেই ঢেকৰ, দাপোণ মোহনযায় পানী ফোকনৰ দ্বাৰা তৈয়াৰ কৰাই দিলোঁ । তথাপি, মন্ত্ৰ নলওঁ বুলি কৈছিলোঁ ৷ ৯৭ ॥ পৰগণে বৰিগোগ বালিকুচি গ্রামে, বেজীয়া নামে একটি দৈবজ্ঞ আছিল। ও তাৰে ভাতিজা ধৰ্ম্মেশ্বৰ নামে লৰা এটি পাগলা মত আছিল । অথচ সেই লৰাটিৰ ১৪/১৫ বৎসৰ মান হৈছিল। বালিকুচীয়া গোসাঞী সহিত মাটিৰ মকদ্দমা লাগি, গোহাটীত আছিল ৷ ঐ বেজীয়া ও ধৰ্ম্মেশ্বৰ এটা পুৰণা মৈলা এঙ্গা চোলা পিন্ধি বাঙ্গালাৰ কাষত থাকে। পাচে সাহেব বাহিৰ ওলালে, চালাম দি সাহেবেৰ পাচে পাচে ফুৰে। এইদৰে কতোদিন আছিল । একদিন সাহেবে মোত সোধাতে মঞি সকল কথা কলো ৷ তদবধি দিনে দিনে, সেই ৰূপে বাঙ্গালায় যাই থাকে । এবং সাহেব সহিত মঞি ও অনন্য আমলা সহিত যাই গঙ্গাবিলত থকা গ'ল । ও যজ্ঞদত্ত কটকীও আমাৰ সহিত লগ লাগি সাহেব সহিতে থকা হৈছিল। তাতো সেই দৰে দুই জনে সাহেবক দেখা দি চালাম দিয়াত পুনৰ সোধাতে, কেৱল দুখীয়া, মাটিৰ মকদ্দমা নিমিত্তে অহা, কলো। যজ্ঞদত্ত কটকীয়ো কলে । পাচে, দৰ্খাস্ত দিব কোৱাত, সেইমত দৰখাস্ত লিখাই দিয়াতে বালিকুচীয়া গোসাঞীক ধৰি আনি জবাব লৈ বেদখলী মাটি ভেম্বা কৰি দিলে। কিন্তু ধৰ্ম্মেশ্বৰ তদ্রূপ পুৰণা কটা এঙ্গাচোলা পিন্ধি, যতে ততে সাহেবক দেখা দি চালাম দিয়ে। তাতো নজৰ পৰি সুধিলে, – “তই বিবাই কৰাইছ ?” সি সকলে, “নাই, মঞি দুখীয়া, কোনে ছোৱালী দিব?” সাহেবে কলে, -- "মঞি বিবাহ কৰাই দিম। কত ছোৱালী আছে, চাই, মোত কবি।” এবং মোত আৰু যজ্ঞদত্ত ফটকীক কলে, তোমালোকে এটি চান্দা কৰি সকল চৌধাৰী পটোৱাৰীৰ নাম লিখাই, টাকা লিখাৰা। যজ্ঞে। দিম।” জামা- লোকে তদ্রুপ মতে ফৰ্দ্দ কৰি সকল লোকৰ দ্বাৰা লিখালো, ও - এবং