সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লালবন্দীৰ প্রজা স্থানাগুৰ সদৰে ৰেপত ৰাগী উইমেষ সাহেব গৰু কাটা মোকদমা সদৰামীনৰ আত্মজীৱ বৰ খাটনিয়াৰ আছিল। ও বঙ্গালী গঙ্গাগোবিন্দ নামক ওকীল একজন বৰ বল্লভ আছিল ॥ ৮৮ ॥ এই সনে উজানৰ পুৰন্দৰ ৰাজা লাল-বন্দী প্ৰাপ্ত দেশত, তৎপুত্ৰ কামেশ্বৰ চাৰিঙ্গ ৰাজা খাজানা সাধাতে অনেক দৌৰাত্য হোৱাত, বিষয়াকতেক, ৰায়ত, তেজপুৰ ও নগাঞ জেলায় আহি জিনকিঞ্চন কমিচনৰ সাহেবক জনোৱাত, আৰো লাল-বন্দীৰ খাজানা কতেক মাফ পাবৰ বিষয় প্ৰাৰ্থনা কৰাতে, কমিচনৰ সাহেব আজেন্টীৰ চেৰেস্তাদাৰ সহিত উজানে যাই তদন্ত কৰাতে, ৰাজাদিৰ দৌৰাত্যে প্ৰজা স্থানান্তৰে যোৱা হেতু, লাল-খন্দাৰ টাকা মাফ চোৱা বিবৰণে সঙ্গৰে ৰেপট কৰিলে ॥ ৮৯ ৷৷ লাল-বন্দী বাতিল ১৭৬১ শঙ্ক ও ১২৪৬ সন বাঙ্গালা ও ১৮৩৯ ৪০ ইংরেজী। এই সনে জিনকিঞ্চন কমিচনৰ ও উইমেষ সাহেব, কালেক্টৰ হল। এওঁ অত্যন্ত ৰাগী আছিল ও কমিচনৰ ও ডেপুটী কমিচনৰ মিখি সাহেব সহিত অবৰ্গ আছিল । জিলাত হুকুম দিয়া মাত্রে আপীল হয়। আপীলে কাগজ কৈফিয়ৎ তলব হলেই

  • ৰোবাৰী শুনা মাত্ৰে অত্যন্ত ক্রোধযুক্ত হৈ বৰ ধুম্‌ধাম্‌ কৰে

এবং আপীলতো প্রায় হুকুম ৰদ হয়। সে হেতু অধিক অধিক মতে আপীল হব ধৰিলে । ৯০ || আৰু গৰু কাটি মাংসৰ দোকান দিয়াতে ডাঙ্গা হৈ মৰুৰ্দ্দমাত, ব্ৰজকান্ত ৰায় দাৰোগা, মৃত্যুঞ্জয় চেৰেস্তাদাৰ, কালীধায় পেচকাৰ বৰখাস্ত হয় । ৯১ সে যাহওক, এওঁ কালেক্টৰ সাহেব, পৰগণা সকল গত সমৰ নিধিধমতে, এক এক সমা ম্যাদে বন্দবস্ত কৰিলে। সেইমত হাজো পৰগণা গৌৰীকান্ত সহিত বন্দবস্ত কৰাতে, মঞি পৰণাৰ সকল কৰ্ম্ম অথচ ঠাকুৰীয়া, কাকতী দ্বাৰা বন্দবস্ত ৰুবুলিয়‍ লৈ টোকা— বিজ্ঞাপন, হকুমপত্র।