কুশদে ও প্রয়াণ শ্রীশ্রীকুশদেউ আউনীআটীয় অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ- ম-জাধিকাৰ পতা—— প্ৰথম জাহাজ - লাল-বন্দীৰ কু-শাসন। অতঃপৰ ১৭৬০ শক ও ১২৪৫ সন ও ১৮৩৮।৩৯ ইংরেজী সন প্রবেশ হল। ঐ ইংরেজী সন পৌষ মাহে বদল হয়। এই সনেও জিনকিঞ্চন কমিচনৰ সাহেব ও মিথি সাহেব কালেক্টৰ । লাখৰাজ চেস্তা তেওঁৰ জেম্বায় থাকিল । ইঙ্গী- চীয়েল ভুটী খেতাপ লৈ মকদ্দমা সকল ফয়চল কৰিছিল ৷৷ ৭৫ ॥ শ্রীশ্রীআউনীআটীয়া অধিকাৰী কুশদেও গোসাঞী ভৰলু নদীৰ পশ্চিম ব্ৰহ্মপুত্ৰৰ পাৰত সত্ৰ কৰি আছিল । এই সনৰ বৈশাগ মাহে আমালোক কাছাৰীতে কৰ্ম্ম কৰি আছিলোঁ ৷ দিবা ১১টা সময় এনে শ্রুত হল, আউনীআটীয় অধিকাৰী গোসাঞী চলিব লগা হৈছে। গোটেই কাছাৰী খধ ওহোল- মোল হৈ, যেই, যেই পিনে আছিল, সেই পিনে ভৰলু সত্ৰৰ পিনে লৰি লৰি, গ'ল ৷ মঞো সেই পিনে কাছাৰীৰ কাপুৰৰে লৰি গৈ গোসাঞীৰ দেখিলোঁ, নামঘৰলৈ যোৱা বুলনীৰ পশ্চিমে চোতালত হৈ ঘৰ বৈকুণ্ঠ কৰি আৰ কাপুৰৰে বেঢ়ি থৈছে ৷ গোঙ্গাঞী-ঈশ্বৰে গজেন্দ্ৰ স্তৱ বুলি আছে। আৰ কাপুৰৰ বাহিৰে পৰ্বতীয়া ফোকন প্রিয়নাথ ও লখী বৰকটকী ও সোমদত্ত কটকী ও মাধৰাম ৰাজখোৱা ও দেৱবৰ বৰদলৈ সদাৰ পঞ্চায়ত প্রভৃতি, অনেক লোক আঁঠু কাড়ি কাড়ি আছিল । কিয়তখন পৰে ডেকা দুই- জনাক আৰ-কাপুৰৰ ভিতৰ, কাৰ্য্যকাৰক ভকত সকলে, সোমাই দিলে। এনেতে গজেন্দ্ৰ স্তৱ সমাপ্ত হোৱা মাত্রেই, প্রথম শ্রীদ দেব ডেকা-জনাক, দ্বিতীয়ত শ্রীধৰ্ম্মেশ্বৰ ডেকা,* গোসাঞীক মালা দিলে ৷ তৎক্ষণাৎ ওপৰৰ হৈ গুচাই দিয়াতে মূলমন্ত্ৰ উচ্চাৰণ কৰি পূৰ্ণিমা তিথিত শৰীৰ এৰিলে ; এবং দুইজনা আৰ-কাপুৰৰ বাহিৰ হৈ আহিল । ও লোকসকলে অত্যন্ত ক্রন্দন কৰিব টোকা দ্বিতীয় জন “গোবিন্দ-পুৰীয়া” বোধ হয় ।
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৬
অৱয়ব