সদৰামীমৰ আত্মজীৱনী জিজ্ঞাসা মতে গাখীৰ হলে ভাত খাব পাৰোঁ বুলি কোৱাত, ছাগৰ গাখীৰ খালে একো দোষ নাই বুলি, নিজে ছাগৰ গাখীৰ বিচাৰি আনি তপতাই দিয়াত, কিছো ভাত খালোঁ। কিন্তু মুখ ধোৱাতেই, অত্যন্ত কম্প জ্বৰ হৈ, সেইপিনে শয়ন কৰিলোঁ। তাৰপৰ অজ্ঞান হলো এবং গ্রহণী মত হ'ল। আমাৰ শশুৰ অত্যন্ত বেস্ত হৈ নিজে ঔষধ বিচাৰি বিচাৰি, আনি, সৰ্ব্বদা চিকিৎসা গোহাটীত কৰাত, পৌষ মাহৰ ১৭ কি ১৮ দিন যোৱাত, জ্ঞান পালোঁ ৷ ৭০॥ তদপৰ মঞি ক্ৰমে আৰাম পালো । মাৰ মাস প্রবেশ হোৱাত শশুৰ সকলৰ অনুমতি মতে উত্তৰ পাৰ ৰদ্ৰেশ্বৰ সাকিনে আহি সুকীয়া ঘৰত থাকি, আমাৰ ৰিবাহিতা পত্নীক শাস্তি লৈ, ঘৰে অনা হ'ল। কিন্তু পৃথক ঘৰ নোহোৱাত মাৰল, ঘৰে থকা গ'ল ৷ ৭১ ॥ সেই সময় গৌৰীকাত্তৰ কৌমাৰ কাল। ধনেশ্বৰ দলৈ ও কামুৰাম শৰ্ম্মা পুৰুহিত দ্বাৰা ঘৰতে শব্দ ও সন্ধি পঢ়াইছিলোঁ। ও হাজো পৰণাৰ সকল কৰ্ম পাটৱাৰী, ঠাকুৰীয়া দ্বাৰা কৰাইছিলোঁ। এবং সৰকাৰী খাজনা সৰকাৰে দাখিল কৰিছিলোঁ ৷৷ ৭২ ৷৷ ঐ গৌৰীকান্তৰ উপনয়ন দিবৰ আৱশ্যক কাল হোৱাত মঞি নিজে মাত্র মাহে ৰদ্ৰেশ্বৰেই উপনয়ন দিলোঁ ও কানুৰাম শৰ্ম্মা পুৰুহিত, ধনেশ্বৰ দলৈ ৷ ৭৩ ॥ সে যাহক আমি শান্তি লবৰ সময়ত, সোণৰ ধাৰু নাই দেখি মাতৃৰ অনুৰোধে, দেওখৰ বৰদলৈৰ জীয়েকক জোৰণত দিয়া খাৰু জোৰ, দুৰ্গা পুৰুহিতৰ দ্বাৰা খোজাত নিদিলে কাৰণ, ঐ পুৰুহিতৰ দ্বাৰা চিৰীং ফোকনদীৰ ঘৰৰ সোণৰ খাৰু একজোৰ আমি শাস্তি লোৱা হ'ন। তাতে আমালোকৰ সকলোৰে দেওবৰ বৰদলৈ প্ৰতি, বৰ বেজাৰ হ'ল ৷ ৭৪ পত্নীক শাস্তি পোৱা গৌৰীকান্তক পঢ়োৱা গৌৰীকাত্তৰ- উপনয়ন শান্তি সোৱাত থাক
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৫
অৱয়ব