সদৰামীনৰ আত্মজীৱনী দেওবৰ বৰদলৈৰ জীয়েক পদ্মাক পূৰ্ব্বোক্ত সোণৰ ধাৰু ১ জোৰ, সোণৰ হাৰ ১ ধাৰ, বাখৰপতা কেৰু ১ জোৰ, সোণৰ বাখৰপতা আঙ্গুঠি ৫ গোট, ছোট নামচাৰ সহিত মুকুতা ১ ধাৰ, সোণৰ চিপতমণি ১ ধাৰ, থুপীয়া মণি ১ ধাৰ, সোণৰ উকা বিৰি ১ খাৰ প্রবাদ মণি সোণৰ সহিত, কিংখাপৰ মেখলা ১, গাজৰ কিহা ১, ধনীয়া কাপুৰ ১, পাটৰ ৰিহা মেখেলা ১ জোৰ, যোগাৰ ২ জোৰ দি জোৰণ পিন্ধাই সাতদিনীয়াকৈ পানী তোলি ৰুদ্ৰেশ্বৰ হৈতে বিবাহ কৰালে । ঐ বিবাহে মোহন ৰায় পানী ফোকনে অনেক সাহায্য দিছিল। ও পুৰন্দৰ ৰাজাই সৰুজনা ন-গোসীক এক চৰা নাউ দিছিল। সেই নাৱত দৰা ও অনন্য নাৱত হাজোৱলীয়া গায়ন-বায়ন চুৰীয়া কালীয়া আদি ব্ৰহ্মপুত্ৰ পাৰ হৈ দেৱবৰ বৰদলৈৰ খৰত বিবাহ হল। কিন্তু অজ্ঞাতে পীৰাত ডোল লগাই থৈছিল ৷ দৰা বৰণ কৰাৰ পৰে পীৰা টানাটানি কৰি, কন্যা-ঘৰীয়াই নিলে। তাতে দা পীৰাৰ পৰা পৰিবৰ মত হৈছিল । পৰে বিবাহ হ'ল। প্রতিসে আপন ঘৰে কন্যা সহিত অহ। হ'ল। কিন্তু ঘৰ সোমায়েই মাতৃক সেৱা কৰি, অহা মানুহ-দুনুহ সহিত বাপেকৰ ঘৰে গ'ল । এহাতে মাতৃ প্রভিতি কিছো বেজাৰৰ মত হৈছিল । আমি প্ৰথম দৰা সহিত একত্রে গৈছিলোঁ । আমাক বাট-ঘৰতে দৰাৰ কাখতে দেখি “বৰদলৈ, বপা আহা” বুলি ভিতৰত বিবাহ স্থলিত বহুৱালে। এখেত যে পীৰা জন্যে টানাটানি হৈছিল, আমি জনা নাছিলোঁ । পৰেহে জানা হ'ল । 88 ॥ তাহাৰ পৰ ঐ বহাগ মাহেৰ ৭ দিন পৰে, অথচ আমাৰ জেষ্টৰ বিবাহৰ ৭ দিন পৰে, দেওদত্ত বৰদলৈৰ জীয়েক সাবিত্ৰীক আমাৰ জন্যে খুজি জোৰা কাৰণ চাই স্থিৰ হোৱাতে ৰূপৰ সোণ খতা থাৰু ১ জোৰ, সোণৰ বিৰি ১ ধাৰ, সোণৰ বাখৰপতা বিৰি অথচ ওকা বিৰি প্ৰবাল সোণৰ মণি সহিত ১ ধাৰ, সোণৰ জেক্ট শিবকাস্ত বিবাহ আমাৰ বিবাহ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৫
অৱয়ব