38 আমি শৰণ হোজা আমি একটিং পৰৱান নবীচ মকৰৰ পুৰন্দৰ ৰাজাৰ শাসন সদৰামীনৰ আত্মজীৱনী ৰিহা ১ খন, খনীয়া কাপুৰ ১ ধন, পাটৰ ৰিহা মেখেলা ১ জোৰ, যোগাৰ ২ জোৰ জোৰণত দিবৰ স্থিৰ হল । তাতে আমাৰ মাতৃয়ে কৈছিল যে, এই সকল ভায়েৰহঁতৰো আজৰি হল। তাতে জেষ্টই কৈছিল, ভাল মানুহৰ ছোৱালী খোজা গৈছে, ইয়াত ভাল ৰস্তু নিদিলে হাহিব, এনেকলে। তাতে মাতৃ সম্মতহৈ মনে মনে থাকিল। এবং মণি বিধি ভাঙ্গি সোণৰ খাৰু, হাজোৰ বিৰি সোণাৰি দ্বাৰা তৈয়াৰ কৰালে । দেৱবৰ বৰদলৈৰ জীয়েকৰ সহিত ৰাহি-জোৰা চাই স্থিৰ কৰিলে ৷ ৪০ ॥ তদপৰ এই সনৰ আষাৰ মাহে আমাৰ জেষ্ট শিৱকান্ত ও আমি অগ্রপশ্চাৎ আউনীআটী কুশদেও অধিকাৰী মোসাঞীত শৰণ লোৱা হ'ল৷ এই কৰ্ম্ম কেৱল ঘিণাই চৰন্ধুৱাৰ উদ্যোগ দ্বাৰা হ'ল। তাহাতে যোগেশ্বৰ সৰুজনা ন-গোসাঞী অত্যন্ত নাৰাজ হৈ আমালোকক দ্বেষ কৰিছিল যে, তিনি পুৰুষীয়া শিষ্য বুলি । তাতে গোপীকান্ত ও ৰমাকান্তক আগে মন্ত্র দিছিল। তেওঁলোক অথচ ৰতিকান্ত সৰু জনা গোসাঞীকে লগাই লগাই দিছিল ॥ ৪১ ॥ আমি নকল-নবীচী কৰ্ম্মতে থাকি ১৮৩৫ ইংৰেজী ১ নৱেম্বৰ একটিং পৰৱানা-নবীচ ২৪৷৷০ টাকাত মকৰৰ হওঁ ৷৷ ৪২ উজান শিখসাগৰ অথচ যোৰহাটত পুৰন্দৰ ৰাজা লাল-বন্দী পাই দেশ শাসন কৰিব ধৰিলে কিন্তু তৎপুত্ৰ কামেশ্বৰ চাৰি ৰাজ্জাক লাল-বন্দীৰ টাকা লবৰ, পুৰন্দৰ ৰাজা অধ্যক্ষ পাতিলে । তেওঁ বিষয়াসকলক টান দি অনেক দণ্ড কৰা শুনা গৈছিল ৷৪৩॥ আমাৰ জেষ্ট ও আমাৰ বিবাহ অতঃপৰ ১৭৫৭ শক ও ১২৪২ বাঙ্গালা সন প্রবেশ হল, এবং ১৮৩৫ ও ৩৬ ইংরেজী সন হল । এই সনৰ বৈশাগ মাহে আমাৰ জেষ্ট শিৱকান্ত কাৰণ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৪
অৱয়ব