সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজ অতঃপৰ ১৭৫৫ শক ও বাঙ্গালা ১২৪০ সন প্রবেশ হ'ল । ইতঃপূৰ্ব্বে ৰাবিন্‌চন কমিছনাৰ সাহেৰেৰ ৰেপট মূৰত লাল- বন্দীৰ মঞ্জুৰী হুকুম সদৰৰ পৰা অহাতে জিনীনস্ কমিচনৰ সেই হুকুম প্ৰচাৰ কৰিলত পুৰন্দৰ ৰাজা সপৰিবাৰে লতাশিলৰ বাহৰ হৈতে উজানে বঔনা হ'ল, অথচ জৈষ্ট মাহে বৰ্ত্তনা হৈ গল ৷ এবং তেহোৰ সঙ্গে কৃষ্ণকান্ত বৰুৱা খুৰা একাই অথচ পৰিবাৰ ৰাখি গল । তেওঁৰ পুত্ৰ হলকান্ত পঞ্চায়তৰ মহৰিৰ অথচ বাপেকৰ কৰ্ম্মতে মকৰৰ হৈ থাকিল ৷ খুৰা কৃষ্ণকান্ত বৰুৱাক পুৰন্দৰ ৰাজাই মজুন্দাৰ বৰুৱা পাতি মণিৰাম দেৱানক কালেক্টৰি ও কাশীনাথ তামুলী কোকনক দেৱানী ও লঠো খাৰঘৰীয়া ফোকনক ফৌজদাৰীৰ চেষস্তাদাৰ পাতিলে । আৰু বুড়াগোহাঞী ও বৰগোহাঞী, বৰপাত্ৰ আদি বিষয়া পাতি, সেই সেই ডাগি বা মহলৰ, খাজানা সাধিবৰ নিয়ম কৰি দিলে ৷ ৩০ || পুৰন্দৰ ৰাজাৰ উজানে যোৱা উজানৰ বিষয় উজানে এই সকল কথা শুনি আমাৰ জেষ্ট গোপীকান্ত বৰুৱা কাম পাবৰ ভাৰসাতে কাৰ্ত্তিক মাছে উজান যোৰহাটে গৈ গোপীকাক পুৰন্দৰ ৰাজাক ধৰি লঠো খাৰ ঘৰীয়া ফোকন হোৱাতে, তৎ কৰ্ম্মে ফৌজাদাৰীৰ চেৰস্তাদাৰ মকৰৰ হ'ল ৷ ৩১ | আমাৰ কঠিন প্রবর্তন তদপৰ আমাৰ জেষ্ট শিৱকান্ত প্ৰবৰ্তনৰ কোনো উছিলা নেদেখি, গোহাটী যাই দুৱৰীয়া ঘৰৰ অজ্ঞৰাম খাৰঘৰীয়া ফোকন কালেক্টৰিৰ চেৰস্তাদাৰত ধৰি উমেছাৰী কৰি লিখাপড়া কৰি আছিল। পৰে চৈত্র মাহে কালেক্টৰিৰ নকল-নবীচী কৰ্ম্মত ২০, টকাত মকৰৰ হল । আমিও তাতে লিখাপড়া কৰি আছিলো । সেই সময় কাল্ডেন বগল সাহেব কালেক্টৰ আছিল ও বিষ্ণুকান্ত জেষ্ট, উজান তেজপুৰে যাই, মহৰিৰ কামত মকৰৰ হ'ল ॥ ৩২ ॥ শোদাৰ ছোয়া শিৰকাত্ত মষি মকৰ