>100 উজ্জ্বল স্মৃতি, স্বৰ্গদেউ সকলৰ গাতে লাগি থকা সোণামুৱা মজুদ্দাৰ বৰুৱা সকলৰ, শ্ৰদ্ধা আৰু সহানুভূতিৰে আত্মজীৱনীত প্ৰতিফলিত হৈছে । ঘনকাস্ত যুবৰাজক দিয়া উপদেশ, কমিচনৰ চাহাবৰ মোৰ সৈতে ৰাণীক সাক্ষাৎ কৰোৱা কাৰ্য্য, কমিচনৰক যুবৰাজৰ মঙ্গলৰ অৰ্থে কোৱা, যুবৰাজৰ মৃত্যুৰ কাৰণ সম্বন্ধে মিছা সন্দেহ আঁতৰোৱা, শ্রাদ্ধাদিৰ খৰছৰ কাৰণে কমিচনৰক কোৱা, পদ্মৰেখা ৰাণীৰ পেন্চিন মঞ্জুৰ কৰোৱা, কমিচনাৰক কৈ কেশবকান্ত সিংহক 'যুবরাজ' উপাধি দিওৱা, আৰু শ্রাদ্ধত নিজে দিহা-দৰা দিয়া কাৰ্যাৱলী তৰকান্ত বৰুৱাৰ তেনে মনোভাবৰে জ্বলন্ত প্রমাণ । ১৭৮৬ শকত ভোটৰ লগত ইংৰাজৰ যুঁজত হৰকান্ত বৰুৱা ইংৰাজৰ এজেন্ট, হৈ ৰঙিয়াৰ পৰা চিপাহীৰ ৰচন-পাতিৰ যোগান ধৰিছিল ৷ তালৈ যাবলৈ ওলোৱাত তেখেতৰ মাতৃ আৰু 'বৰঘৈণী’য়ে কৈছিল “কামকে! নেলাগে, যাৰও নেলাগে।” কিন্তু তাহানি মোগলৰ লগত অসমৰ যুঁজত, আহোম সেনাপতিৰ লগত প্ৰধান উপদেষ্টা হৈ ৰণ জিকি আহা ময়ূৰধ্বজ বৰুৱাৰ বংশৰ হৰকান্ত বৰুৱা মাতৃ আৰু ঘৈণীক নিৰ্ভয় দি তালৈ গৈছিল । চৰকাৰী কাৰ্য্যত থকা কালত, হৰকান্ত বৰুৱাই, অসমীয়া লোকসকলৰ কৰ্ম্মৰ সংস্থান আৰু উন্নতিৰ কাৰণে ডিপুটী কমিচনৰ আৰু কমিচনৰক কৈছিল। তেখেতৰ লৰাকালৰ বন্ধু মুন্সীক পেচকাৰ কৰ্ম্মৰ পৰা ২০০ টকীয়া আচিচ কৰ্ম্ম দিয়াইছিল। তেতিয়া হৰকান্ত বৰুৱা ডিপুটী কলেক্টৰ । ঘটনাক্রমে মুন্সীৰ সেই কৰ্ম্মটি যায়। পেচকাৰী কৰ্ম্মটিও নাছিল। বৰুৱাই বন্ধুৰ কাৰণে ডিপুটী কমিচনৰক বহুত কৈ-মিলি বন্ধুজনক আকৌ পেচ কাৰী কৰ্ম্ম দিয়াইছিল । হৰকান্ত বৰুৱাৰ বঙ্গালী বন্ধুও আছিল । গুৱাহাটীৰ পৰা বদলি হৈ তেখেতে কোনো সময়ত বঙ্গালী বন্ধুৰ ঘৰতহে আছিলগৈ । নিজে নৈষ্ঠিক ব্রাহ্মণ হৈও তেওঁৰ উত্তৰ গুৱাহাটী ঘৰত 'ব্রেনবিল চাহাব'ৰ অসমীয়া খৃষ্টান মেমৰ অভ্যৰ্থনা কৰিছিল । কমিচনৰ চাহাবৰ নেমে তেওঁক নিজৰ 'বেটা' বুলি মাতিছিল। কিন্তু মেমে দিয়া অর্থাৎ খৃষ্টানে দিয়া আচাৰ তেখেতে খাব নোৱাৰে বুলি সৰল ভাবেই কৈছিল। হৰকান্ত বৰুৱাৰ নৈষ্ঠিকতাত অইনধৰ্মী লোকৰ প্ৰতি ঘৃণাভাব নাছিল । ই আছিল নিজ ধৰ্ম্মত আৰু ধৰ্ম্মাচৰণত আস্থা ৰখা নিষ্ঠা আৰু নৈতিকতা । হৰকান্ত বৰুৱাই গোলাম-বান্দী খালাছ হোৱাত মধ্যবিত্ত আৰু ৰজাদিনীয়া সম্ভ্ৰান্ত লোৰসকলৰ দুখ-দুৰ্গতিৰ কথা দিল চাহাবৰ আগত স্বীকাৰ কৰিছে।
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩০
অৱয়ব