সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

So 1116 শকত হৰকা বৰুৱা ৮০ টকীয়া চিৰস্তাদাৰ পদত নিগাজী হয়। এই সময়তে জ্যোতিষৰ মতে বিধবা হব লগীয়া অতি মৰমৰ জীয়েক বসতীক, সিদ্ধপুৰুৰ বুলি জনাজাত, পৰ্ব্বতীয়া গোসাই কালীচৰণ স্থায়ৰত্নৰ উপদেশ আৰু আশীৰ্ব্বাদ মতে, উত্তৰ গুৱাহাটীতে বিবাহ দিয়ে—এই বিবাহত তেখেতে লিখিছে “কুশছেদন সময় মোৰ চক্ষুৰ লোতক সৰ্‌ সৰ কৰি পৰিব ধৰিলে । পাচে বিবেচনা কৰা গ'ল—এই ছোৱালীটিৰ মাক ক'ৰ আছিল ! পৰৰ জীয়ৰী আনি গৃহাশ্রম হ'ল । এতিয়া এই ছোৱালী পৰৰ ঘৰলৈ আবশু যাৰ ৷ এহাত, শোক কৰাৰ আবশ্যক কি ? এই বিধাতার সৃষ্টি ও সংসাৰ! এই ভাবি চক্ষুৰ লোতক মুচি দৃঢ়ভাবে কৰ্ম্ম সম্পাদন হ'ল।” এই কথাখিনিৰে, হৃদয়ৰ আবেগ আৰু সান্ত্বনাৰ, ভাৰতীয় ভাবধাৰাৰ এটি সুন্দৰ চামেকি, চকুৰ পোতকৰ দৰে সৰু-সৰ্‌কৈ ওলোৱা সৰল ভাষাৰে, চকুৰ আগত বৰুৱাই ডাঙ্গি ধৰিছে। বিধবা নহৈ বিবাহৰ কিছুকাল পিছতে বসস্তীৰ মৃত্যু হৈছিল । হৰকান্ত বৰুৱাৰ অসমৰ জমা-জমিৰ বিষয়ক জ্ঞান - অসম ৰজাৰ দিনৰ পৰা ইংৰাজৰ আগমনলৈকে, তেখেতে ১৭৭৫ শকত ইং ১৮৫৪ চনত ১৫ যেইত, জুডিচিয়াল কমিচনাৰ যিল চাহাবৰ আগত দিয়া সাক্ষ্যই প্রমাণ কৰে। তেখেতে অসমৰ জমা-জমি ২০ চনা বা মিয়াদী বন্দবস্তুৰ সপক্ষে কোয়াটোৱে তেখেতৰ দূৰদৰ্শিতাৰ পৰিচয় দিয়ে। মিল চাহাবে, প্রদেশে প্রদেশে স্থানীয় উপযুক্ত লোকৰ চৰকাৰী কামত নিযুক্ত কৰা, ভাৰত চৰকাৰৰ নীতিলৈ আঙুলিয়াই দিয়াতো, কামৰূপত উপযুক্ত সংখ্যক অসমীয়া লোক চৰকাৰী কৰ্ম্মত নাছিল কাৰণে, উপযুক্ত কৈফিয়ৎ ৰৌলট ডিপুটী কমিচনাৰে দিব নোৱাৰাত, বৰুৱাই কৈছিল "আপুনি লাঞ্জ পাৰ পায় !” তেখেতে আৰু কৈছিল যে অসমীয়া লোক কোনো গুণে আন দেশীয় লোকতকৈ বুদ্ধি-বৃত্তিভ কম নহয় । তাৰ প্ৰমাণ, তেজপুৰ আৰু শিৱসাগৰৰ চৰকাৰী অসমীয়া কৰ্ম্মচাৰীসকল। হৰকান্ত বৰুৱাই অসমৰ যথাৰ্থ স্বাৰ্থৰ কথা কবলৈ কেতিয়াও ও চমকৰিছিল। তেখেতৰ আত্মনিৰ্ভৰশীল আৰু সতর্ক মনৰ পৰিচয় পোয়া যায়, কামৰূপৰ জমা-জহিৰ কিচাপ, মিল চাহাবৰ দিয়া কথাত। বৰুৱাই দিয়া হিচাপৰ সৈতে কমিচনৰ চাহাবৰ হিচাপ অমিল হোৱা বুলি মিল চাহাবে আপত্তি কৰাত চিন্তাদাৰ হৰকান্ত বৰৱাই কৈছিল যে তেওঁৰ হিচাপত ভুল নাই। পিছত কমিচনৰ চাহাবেও বৰুৱাৰ হিচাপ শু, তেওঁৰ হিচাপছে অশুদ্ধ বুলি স্বীকাৰ কৰিছিল !