✓ নকল নবীচ মকৰল কৰালে । তেতিয়া টকাৰ মূল্য এতিয়াৰ তুলনাত বহুত বেছি আছিল। দৰমহা আৰু হাজো পরগণাৰ উৎপন্নই তেওঁলোকৰ ‘কঠিন প্রবর্ত্তন' গুচালে। বেছি বয়সলৈ থাকিলে লোকে নিন্দা কৰিব বুলি, দুই ভাতৃয়ে বিবাহলৈ উদ্যোগ কৰিলে । আউনীআটীৰ, পূৰ্ব্বৰ ভগনীয়া আৰু পিতৃ-বন্ধু দিণাই চৰন্ধোৱাৰ পৰামৰ্শত, গুৱাহাটীৰ দেৱবৰ বৰদলৈৰ জীয়েক পদ্মাদেৱীৰ লগত শিৱকান্তৰ, আৰু দেৱদত্ত বৰদলৈৰ জীয়েক সাবিত্ৰী দেৱীৰ লগত তবকাত্তৰ বিবাহৰ আয়োজন হ'ল । বিবাহৰ আগতে দেশাচাৰ মতে শিৱকাস্ত আৰু হৰকান্তই আউনীআটীৰ শ্ৰীশ্ৰীকুশদের অধিকাৰত ধৰ্ম্মৰ শৰণ ললে। ১৭৫৮ শকৰ বহাগ মাহত সা’দিন অগাপিছাকৈ দুই ভাতৃৰ বিবাহ সম্পন্ন হ'ল। শিল্পকান্তৰ বিবাহত 'পীৰাটনা' ধেমালি আৰু হৰকান্তৰ বিবাহত শুক্ৰেশ্বৰত ধুমুহা বতাহ বৰষুণে পাই নাও বুধোয়া, কানি-কাপোৰ তিয়োরা, তিতা কাপোৰ জুই ধৰি শুকাই পিছত বিবাহ কৰাবলৈ যোৱা, 'আত্মজীৱনী'তে বটিয়াকৈ বর্ণোয়া আছে। কুৰি বছৰ বয়সত তৰকান্ত বৰুৱাই প্রথম বিবাহ কৰে । ১৭৫৫ শকত পুৰন্দৰ সিংহ ৰজাই উজ্ঞানদণ্ড লালবন্দী হিচাপে ইংৰাজৰ পৰা গ্ৰহণ কৰাত সৰ্ব্বজ্যেষ্ঠ গোপীকান্ত বৰুৱা ৰাজাৰ মজুন্দাৰ বৰুৱা হৈছিলগৈ । কিন্তু শিৱকান্ত আৰু হৰকাই গুৱাহাটীতে থকা বেছি ভাল বুলি ভাবিলে। পিছৰ ঘটনাসমূহলৈ চাই, তেওঁলোকে ভালকে কৰিছিল, কব পাৰি । ১৭৫৯ শঞ্চত, গুৱাহাটীত, শহুৰেকৰ ঘৰতে ককায়েক শিৱকান্তৰ মৃত্যু ছোৱাত, শোকত আঙুৰ হৰকান্ত আৰু তেওঁৰ মাতৃৰ “মূৰত আকাশখন ভাঙ্গি যেন হেঁচা মাৰি ধৰিলে”। তাতে আকৌ উত্তৰ গুৱাহাটীৰ ঘৰত, মৃতকৰ শ্রাদ্ধাদি কৰ্ম্ম নকৰাত ভাগী-বঙহে তেওঁলোকৰ পৰা ফালি গৈ হুকীয়া খেল পাতিলে । 'ব্রাত্য' হোৱাৰ ভয়ত গৌৰীকান্ত লঙ্ণ দিব লগা হ'ল । এনেতে ধৰ্ম্মগুৰু শ্ৰীশ্ৰীকুণদের আউনীআটীয়া অধিকাৰ প্ৰভুৰ বৈকুণ্ঠ প্রয়াণে ধৰ্ম্মপ্রাণ দুই ভাতৃক শোকত মৃতপ্ৰায় কৰিলে । 'আত্মঞ্জীৱনী'ত ঈশ্বৰ পুৰুষৰ বৈকুণ্ঠ প্ৰয়াণ, সৰল অথচ আবেগময়ী ভাষাত বর্ণোৱা আছে ৷ তেখেতৰ নতুনকৈ অধিকাৰ পতা অনুষ্ঠান আদিৰ বৰ্ণনাও মনোৰম । উন্নতি :- ককায়েক শিৱকান্তৰ মৃত্যুত হাজো পৰগণা হাতৰ পৰা যাও যাওঁ অৱস্থাত, কোনোমতে কনিষ্ঠ ভাতৃ গৌৰীকাৱৰ নামে মঞ্জুৰ কৰাই, হৰকান্ত বৰুৱাই নিজে চলোৱাৰ ভাৰ ললে । অধ্যবসায়ী আৰু সাধু স্বভাৰী
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৬
অৱয়ব