সদৰামীনৰ আত্মজীৱনী জিন্কিঞ্চন কমিচনৰ সাহেবেৰ বাঙ্গালায় যাই দেখা হলোঁ ৷ সাহেব সমাদৰ পূৰ্ব্বক চকীত বহুৱাই মোত সুধিলে, “ৱাল, শুনিছানে মণিৰাম দেৱান, কন্দপেশ্বৰ ৰাজাক, মলুক লাল-বন্দী কৰি দিবৰ কাৰণে কলিকাতা যাবৰ আহিছে।” মঞি কলোঁ, - সাহেবৰ —“হয় শুনিছোঁ৷” পুনৰ মোত সুধিলে, – “ক'ত আছে ?” কমিচনৰ তদুত্তৰে কলোঁ,—“ঘনকান্ত যুবৰাজৰ ঘৰত আছে।” সাহেব কলে,—“কি, ধনকান্ত যুবৰাজ চামিল হলনে ?” তাতে মঞি - কলো, – “কি চামিল ? ৪৬০ টাকা পেনচীন পায়, খৰচে নোজোৰে, তিনি চাৰি হাজাৰ টাকাৰ ধাৰ ! বোধকৰোঁ, থাকিবৰ 'ঠাই নাপাই, দেৰীধৰ উপং দেখি তাতে আছে।” সাহেব মনে মনে থাকি, অন্যান্য কথা সুধি বিদায় দিয়াতে অহা গ'ল ৷ ২৮৩ ৷৷ তদপৰ ঘনকান্ত যুবৰাজ মোৰ সহিত বৰ আপ্যায়িত ভাৰসা ৰাখিছিল ; ও তেওঁৰ ৰাণী পদ্মৰেখাও বৰ প্ৰীতি ৰাখি আমাৰ বৰঘৈণী সহিত বৰ প্ৰণয়; ও সর্বদা লা-লিগিৰী পঠাই থাকে। দুৰৰাজ, মোক মাতি নিবৰ কাৰণে, দিয়ে মানুহ পঠায়। মঞি উত্তৰ পাৰৰ পৰা কাছাৰী কৰিছিলোঁ; এবং মঞি চোদাৰ ; তাতে মণিৰাম মলুকৰ জন্যে আহিছে ; ইয়াত গলে বা কোন ৰেপট কৰে । সেই কাৰণে যোৱা নাছিলোঁ। নিত্যে নিত্যে নাৰায়ণ লিগিৰাক পঠোৱাত একদিন কাছাৰী অস্তে, বাহিৰ বাহিৰ গৈ, বুনৰাজৰ ঘৰত সোমালোঁ। যুবৰাজ, নিলগতে মোক দেখি মোক কলে, – “মঞি মাতি পঠাওঁ, নাহে আৰু নাহে।” মঞি কলোঁ,—“কিনো জৰুৰী কথা হৈছে, পুনঃ পুনঃ মাতি পঠায় ? মঞি অবজ্ঞৰ নাপাওঁ।” যুবৰাজ দেৱতা কলে, – “জৰুৰী দেখিহে মাতিছোঁ।” মঞি “কি জৰুৰী কৰ্ম্ম হৈছে, কওক”, বুলি কলোঁ ৷ তাতে খুবৰাজ কলে, “উজনিৰ কন্দপেশ্বৰ ৰাজা প্রভিতি ও ডাঙৰীয়া সকলেও মণিৰামক মোক্তাৰ দি দেশ লাল-বন্দী কৰি লবৰ কাৰণে পঠাইছে; এবং মোকো আহি ধৰিছে; খৰচ সদের গুচোৱা মুনাক্ষে মতাতো নোযোৱাৰ কাৰণ মণিৰাম দেৱানক যুবৰাজে সোণৰ ভৃঙ্গাৰ দিবলৈ গোল
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৯
অৱয়ব