সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী কৰি দিছা ; কেনেকৈ মঞি মানিম ?” মঞি কলোঁ, “মঞি দিয়াই ঠিক। কমিচনৰ সাহেব কেনেকৈ বেচি লিখিছে, সাহেবত সুধিলেহে কব পাৰোঁ।” তাতে সাহেব সম্মত হৈ কালিলৈ খোলোচা কৰি দিবা”, বুলি মোক বিদায় দিলে। ঞি সেই শুক্ৰেশ্বৰৰ ঘাটৰ পৰা আহি সাহেবত সকল কথা লোঁ এবং কাছাৰী বৰখাস্ত হোৱাতে একত্রে সাহেব সহিত াই, মঞি কমিচনৰ সাহেবত সকল কথা কলোঁ । এবং কামৰূপৰ সাৰা জমা কম হৱা কথা কোৱাত, “কালিলৈ গছাৰীত চালেহে কব পাৰি ;” এইবুলি সাহেব ফুৰিব গ'ল । ।ঞি বহাত গৈ থাকিলোঁ ৷৷ ২৫৫ ৷৷ পৰদিন কাছাৰীত উপস্থিত হৈ হৰিমল বৰা মহৰীক বৰ কাছাৰী পঠাই কলো যে “তোমি কমিচনৰ সাহেবত মোৰ চালাম দি করা যে, কামৰূপৰ সাৰা জমা কম বুলি মিল সাহেব ৰিছে। কিমতে কাগজ দিছিল, তাক চাব । যদিহে ভুল হৈছে, তবে মিল সাহেবলৈ একখানি চিঠি লিখিব” এই কৈ হৰিমল বৰা মহৰিক পঠাই দিলোঁ ৷৷ ২৫৬ ৷৷ ইতিমধ্যে মিল সাহেবেৰ আৰ্দ্ৰালী আহি মোক তলব দিছে বুলি কোৱাতে ৰৌলট্‌ সাহেবত কৈ মঞি জাহাজলৈ তাতে অন্যান্য কথা সুধিলে। এনেতে কমিচনৰ তাৰ পৰা চিঠি আহিল । সাহেব পঢ়ি চাই মোত কলে, “পূর্ব্বে যে কমিচনৰ সাহেব মোৰ পাশ কাগজ পঠাইছিল, তাত ভুল। তোমি যে কৈছা, এই সত্য”, এই বুলি জেলাজাতৰ চাএন মোক দি সকলোৰে ঠিক দি দিলে । এবং ঠিক দি দিলো ৷৷ ২৫৭ ৷৷ জমা কম- বেছিল আশঙ্কা দূৰ কৰা