সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মো- ওবাদিত জ্বঠা দলীল- বদনাম অমূলক শিল সাহেবক জমাৰ তাএন দিয়া সঙ্গৰামীনৰ আত্মজীৱনী আপোনাক জনাব পাৰে কিন্তু লাখৰাজদাৰ সকলে দলীল অথচ মহজৰ (১) ও তামৰ ফলি দাখিল কৰে । তদপৰ আসাম ৰাজাৰ আমলৰ পেৰা কাগজ সহিত মিলানি, সাক্ষী আদিৰ দ্বাৰা প্ৰমাণ হলে পঞ্চায়তৰ ৰায় মূৰত বহাল দিয়ে। এহাত, কি মতে কৃত্তিম হব পাৰে । যদি কোনোজনে কৃত্রিম দলীল দাখিল কৰি বহাল কৰি নিছে, তাহাৰ কোনো প্ৰমাণ নাই ; ও কোনো ব্যক্তিয়ে সেই বিষয় দাদখ। (২) হোৱা নাই ৷ যাপি দাদখা হোৱাতো বিচাৰ নকৰিলে, তেনেহলেই আমাৰ সকলত দোষ অর্পিব ; নতু কিমতে তাত সোভা কি আশঙ্কা হব পাৰে ?” এমত কহাতে মনে মনে থাকিল ৷ দিন আখেৰ হ'ল ৷ মোক সেইদিন বিদায় দিয়াতে, জাহাজৰ পৰা কাছাৰীত আহি সকল বৃতান্ত কলোঁ। তদপৰ সাহেব উঠাতে কাছাৰী ৰখাস্ত হ'ল। আমলাসকল স্থানে স্থানে গল। মঞি কমিচনৰ সাহেৰে বাঙ্গালাত সোমাই, সাহেবত সকল কথা কলোঁ অর্থাৎ যিমত প্ৰশ্ন কৰিলে, যিমত উত্তৰ দিলোঁ। সাহেব শুনি উঠি, মোক বিদায় দি ফুৰিব গ'ল ॥ ২৫৪ ॥ তদপৰ দিনা কাছাৰীত উপস্থিত হোৱাতে কিছো কিছে! বিলম্বে একজন আদালী আহি মোক তলব দিছে বুলি কোৱাতে মঞি ৰৌলট, সাহেবত কৈ জাহাঙ্গত গলোঁ ৷ এবং পূর্বৰদিন কোৱামতে গত সনৰ কামৰূপৰ সাৰা জমা ২৯৯০০০ দুই লক্ষ নিৰান্নবৈ হাজাৰ যে হৈছে, তাৰ এটি ফৰ্দ্দ দিলোঁ। পূর্বের কমিচনৰ সাহেবৰ দ্বাৰা তলব কৰি নিয়া কাগজ সহিত মিলানি কৰাতে মঞি দিয়া ফৰ্দ্দতকৈ, পূৰ্ব্বে দিয়া ফন্দত বেচি দেখি মোত সৌধাতে কলো; “মঞি এতিয়া যি ফদ দিছোঁ, এই ঠিক।” সাহেবে কলে “কমিচনৰ বেচি লিখে, তুমি কম্‌তি টোকা(১) মহজৰ — মোহৰ । (২) দাদখা—প্রার্থী, দাবী কৰোতা ।