সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আস্ত্ৰজীৱনী বৰঘৈণী প্রায় সবদা বেমাৰ হৈ থাকে ; একাৰণে বিবাহ কৰাব পাৰিলে ভাল। কিন্তু চৈত মাহ পৰিল। দুই মাহৰ ছুটীৰ অলপ মাত্র বাকী আছে । আৰু একমাহৰ ছুটীৰ এতালা দি ভটীয়াই আহি মহগড়ৰ খুঁটিত নাও ৰাখিলোঁ ৷৷ ১৭৫ ॥ tt এবং তাৰপৰা উঠি যোৰহাট দেখিবৰ মনস্থ হোৱাত যাদুৰাম বৰুৱা পাশ হাতী খুজি পঠালোঁ । তেওঁ হাতী পঠাই দিয়াতে তাতে উঠি কালীনী পথাৰেদি যাই, যোৰহাটৰ হলকাস্ত ডেকা বৰুৱা মৌজাদাৰৰ ঘৰত থাকি যোৰহাট দেখিলোঁ । এবং যোৰহাট যাদুৰাম ডেকা বৰুৱাৰ ঘৰে গৈ দেখা হৈ যোৰহাট ও তৰাজান দেখি দুইদিন আছিলো। তাৰে পৰা মহুগড়ৰ খুঁটিৰ নাৱত উঠি ভটীয়াই আহি দেৱৰগাঞত নাও ৰাখিলোঁ ৷৷ ১৭৬ ৷৷ সেই দেৱষগাঞেদি কাকডঙ্গালৈ ওচৰ বুলি কোৱাত, হংসধৰ গোসাঞী পাশ হাতী খুজি পঠালোঁ । নিদিয়াত থাকি, তাৰে পৰা ভটীয়াই ধনশিৰী নদীৰ মুখ পাই সেই নদীয়েদি উজাই চাৰিদিনে মৰঙ্গী পাই হলিৰাম ডেকা বৰুৱা সহিত দেখা মৰঙ্গী হৈ সকল বৃতান্ত কলোঁ, এবং “বিবাহ কাৰণ কাকডঙ্গালৈ আপুনি যাব লাগে ও মঞো কিমতে যাওঁ, উপায় কৰিব লাগে”, এই কথা কলোঁ। এনেতে সন ফিৰিল ৷৷ ১৭৭ ৷৷ ১। দ্বিতীয় ভাৰ্য্যা গ্রহণ। অন্যান্য খবৰ । ১৭৭০ শক, ১২৫৫ সাল, ১৮৪৮ ৪৯ ইংৰেজী । এই সনৰ বৈশাখ মাস প্রবেশ হ'ল। হলিৰাম ডেকা বৰুৱা, চৰণ ভঁৰালী বৰুৱাৰ পুত্র হয়। তৎপুত্র হলিৰাম ও জীউৰাম হয়। জীউৰাম লখীমপুৰত পেচকাৰী কৰ্ম্মত আছিল । জীউৰাষ ও চৰণ ভঁৰালী বৰুৱা সহিত আমাৰ পিতাৰ বন্ধুতা আছিল । তাক হলিৰাম ডেকা বৰুৱাই জানে। বৰ প্ৰীতি আলাপ-প্রলাপ কৰিছিল। সেহেতু, তেওঁ আমাক তেওঁৰ যুক্তিমতে, তেওঁ পেচ কাৰ