সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

09 সদৰামীনৰ আত্মজীৱনী ওপৰৰ সাত খলপা দেখিলোঁ ৷ ঘুৰি ঘূৰি যাই জখলাদি উঠি গলে এক কোঠা পায়, তদপৰ পুনৰ ঘুৰি এক কোঠা পায় এবং প্রকাৰ ক্ৰমে কোঠা ওপৰলৈ সৰু হৈ গৈছে ও ওপৰৰ কোঠ সৰু, ১০।১২ জনা লোক বহিব পাৰি। তাত উঠিলে, বহু দূৰলৈ গাঞ আদি দেখা যায় ও সুন্দৰ বতাহ পোৱা যায়, আৰু তাত চাৰিওফালে ৰেল দিয়া । সেই তলাতল ঘৰ দেখি বোধ কৰিলোঁ শঙ্খাকৃতি; মধ্যে কোঠা ডাঙ্গৰ, অধঃ ঊর্দ্ধে সৰু ৷৷ ১৭৩ ॥ যে যাহক তাতে মিঠা পুখুৰী ও তাল গছ দুই জোপা ও বামুণৰ বাৰী, বামোণৰ বাৰী দেখিলো । পূৰ্বেৰ হেনু বামোণৰ মাটি আছিল । গৰগঞা ৰজা নগৰ কৰাতে বামোণে ওজৰ কৰাত সেই ঠাইতে বামোণক নিৰ্ভয় ৰাখিলে, তাতেহে বামোণৰ বাৰী মাটি বোলে, কিন্তু মঞি দেখাত কিছো হাবিহৈ থকা দেখিলো । আৰু নগৰখনো হাবি। লোকজনে সেই তলাতল ঘৰৰ ইটা খানি মাটি ওলিয়াই মিঠা পুখুৰীত ধুই, কিঞ্চিৎ কিঞ্চিৎ সোণা ও ভালিমা পান। বাখৰ প্ৰাপ্ত হৈছিল । তাকে দেখি মঞি লোক- জনত কৈছিলোঁ, “অল্প দ্রব্য জন্যে প্রাচীন ৰাজাৰ কীৰ্ত্তি কিয়া নষ্ট কৰ ? নকৰিধিহঁক !” এইমত বাধাদি সকল দেখি উত্তৰ ভাগে ফিৰি আহি গধূলা সময় ৰংপুৰ পাই দদাইদেৱেৰ ঘৰে থাকি অনেক কথাবার্তা সুধিলো । তাতে দদাইদেৱে কৈছিল, মোৰ লৰাহঁতে এইসকল কথা নোসোধে, কেবল ধন অলঙ্কাৰেহে সোখে ৷৷ ১৭৪ ৷ প্রাচীন কীৰ্ত্তি নষ্ট হব নিদিয়। দ্বিতীয় বিবাহৰ 'কাৰণে কাকডঙ্গাত ছোৱালী চোৱা এইসকল অথচ অনেক কথাবার্তা সুধি, ১৭ দিন ৰংপুৰত থাকি পাচে ভটীয়াই আহিবৰ কাৰণ দদাইদেৱত বিদায় হলো। এনেতে দদাইদেৱে কলে, “কাকডঙ্গাত মঞ্চি বিবাহ কৰোৱ মেকুৰী দলৈৰ খৰৰ মালতীৰ ককায়েক ঘিণৰ, ভাল ছোৱালী এটা আছে ৷ তাকে বিবাহ কৰি যোৱাগৈ।” এইবুলি একখন চিঠি মোৰ হাতত দিলে । মঞো বিবেচনা কৰিলোঁ, শ্রীমতী