পৃষ্ঠা:New Testament in Assamese.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৮৬

য়োহান।

 

কলোঁ, মোৰ মেৰবিলাকে মোৰ মাত শুনে, ময়ো সিবিলাকক জানোঁ, আৰু সিবিলাকে মোৰ পাচত আহে ২৮ মই সিবিলাকক অনন্ত আয়ুস দিওঁ; তাতে সিবিলাক কেতিয়াও নষ্ট নহয়, আৰু কোনেও মোৰ হাতৰ পৰা সি-বিলাকক কাহি নিব নোৱাৰে। ২৯ মোৰ যি জন পিতৃএ সিবিলাকক মোলৈ দিলে, তেওঁ সকলোতকৈ বৰ; তেওঁৰ হাতৰ পৰা কোনেও কাৰ্হি নিব নোৱাৰে। ৩০ ময়ে পিতৃএ একে জন। ৩১ তেতিয়া য়িহুদিবিলাকে তেওঁক মাৰিবলৈ শিল তুলি ললে। ৩২ তাতে য়ীশুএ কলে, মোৰ পিতৃৰ পৰা অনেক অনেক ভাল কৰম তোমোলাকৰ আগতে দেখাইছোঁ; এইবিলাকৰ কোন কৰমৰ নিমিত্তে মোক শিল মাৰা? ৩৩ য়িহুদিবিলাকে তেওঁক উত্তৰ কৰিলে, ভাল কৰমৰ নিমিত্তে নহয়, কিন্তু তুমি মানুহ হৈয়ো আপোনাকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, এই কাৰণে শিল মাৰোঁ। ৩৪ তেতিয়া যীশু এ সমিধান দি কলে, মই কলোঁ, তোমোলাকেই ঈশ্বৰবিলাক, এই কথা তোমোলাকৰ শাস্ত্ৰত লিখা নাই নে? ৩৫ এই হেতুকে যিবিলাকলৈ ঈশ্বৰৰ কথা কোৱা গৈছিল, সেইবিলাকক যদি ঈশ্বৰ বোলা যাই, আৰু ধৰম শাস্ত্ৰৰ কথা ভাঙ্গিব নোৱাৰে,৩৬ তেন্তে মই ঈশ্বৰৰ পুত্ৰ, এনে কথা কোৱাত তোমোলাকে পিতৃএ অভিষেক কৰি জগতলৈ পঁচা জনক কেনে-কৈ ঈশ্বৰক নিন্দা কৰা বোলাহঁক? ৩৭ যদি আপোনাৰ পিতৃৰ কৰম নকৰোঁ, তেন্তে মোত নপতিয়াবা ৩৮ কিন্তু যদি কৰোঁ, তেন্তে মোত নপতিয়ালেও কাৰ্য্য়তে প্ৰতিতি কৰা; তাতে পিতৃ যে মোত আছে, আৰু মই যে পিতৃত আছোঁ, ইয়াকে জানি বিশ্বাস কৰিবা।

 ৩৯ তেতিয়া সিহঁতে আকও তেওঁক ধৰিবলৈ উপায় কৰিলে; কিন্তু তেওঁ সিহঁতৰ হাতৰ পৰা পলাই, ৪০ আকও য়ৰ্দান নদীৰ সি পাৰত যি ঠাইত য়োহানে প্ৰথমতে বুৰ দিয়াইছিল, সেই ঠাইলৈ গৈ তাতে থাকিল। ৪১ আৰু অনেকে তেওঁৰ ওচৰলৈ আহি কলে, য়োহানে একো অশ্চ-ৰিত কৰম কৰা নাই; কিন্তু এই জনৰ অৰ্থে য়োহানে যি যি কথা কৈ-ছিলে, যেই সকলো সত্য; ৪২ আৰু সেই ঠাইতে অনেক লোকে তেওঁতবিশ্বাস কৰিলে।

⸻⸻⸺

১১ অধ্যায়।

পাছে মাৰিয়া আৰু তাইৰ বায়েক মৰ্থাই যি বৈথনিয়া গাঁৱত থাকিল, সেই গাৱৰ লাজাৰ নামেৰে এজন মানুহ নৰিয়া পৰি আছিল। যি মাৰিয়াই প্ৰভুক গন্ধ তেল ঘঁহি আপোনাৰ চুলিৰে তেওঁৰ চৰণ মচিলে, তাইৰে ভায়েক সেই নৰিয়া পৰা লাজাৰ। প ছে বায়েক ভনীএকে প্ৰভুৰ ঠাই-লৈ কৈ পঠালে, হে প্ৰভু, দেখা, তুমি যাক প্ৰীতি কৰা, সেয়ে নৰিয়া পৰি