পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায়। ঘৰুৱা জীৱন- শিৱসাগৰলৈ আহি মই শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখো। তেওঁ তেতিয়া শিৱসাগৰত একা এছিষ্টেন্ট কমিছনাৰ। শিৱসাগৰৰ বৰ-পুখুৰীৰ পাৰৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰৰ বন্ধুতাৰ ঘনিষ্ঠতা, আৰু কুটুম্বিতা আছিল। মোৰ পিতৃদেৱতাৰ নাতিয়েক পূৰ্ণানন্দ ছোট ছাহাবৰ ভায়েক, ফুকনৰ বাইদেৱেকৰ স্বামী আছিল। ইয়াৰ উপৰি আমাৰ বৰ ককাইদেউ ব্ৰজনাথ বেজবৰুৱাৰে সৈতে ফুকনে সখি পতাইছি, দুয়ো দুইকে ইংৰাজীত “নন” (Nun) বুলি মত শুনিছিলো। ফুকন ডাঙৰীয়াৰ চলাফুৰা থকা-মেলাব গঢ় য়ুৰোপীয়ৰ নিচিনা আছিল, কিন্তু সেই বুলি যে সকলো বিষয়তে তেওঁ যুৰোপীয়ৰ আহি লৈ চলিছিল, এনে নহয়। প্ৰায় দেখা যায় যে যুৰোপীয় সকলৰ ভিতৰত মদ্যপান প্ৰচলিত। হিন্দৰ চকুত প্ৰধান দোষ ‘পান-দোষ’ৰ তেওঁ বহিৰ্ভূত আছিল। এদিনলৈকে আমি তেওক চেলেউ এটা খোৱা বা আন প্ৰকাৰে খপাত খোৱ আনকি তামোল এখনকে খোৱা নেদেখিছিলো। ফুকন ভাঙৰীয়াৰ গৌৰণ, সুগঠিত অঙ্গ-প্ৰত্যঙ্গ, সুদীৰ্ঘ সুঠাম আকৃতি আৰু বীৰ গভীৰ এতিয়ে মোৰ মনত তেতিয়া এটি চিকলীয়া হাব মাৰিছিল। তেও দেখিবলৈ যেনে সতনি পূৰ্ণব, কথাবাৰ্তা আৰু বুদ্ধিতে তেনে এ। বাতবিতে ফুকন ডাঙৰীয়া হেৰৰ ভিতৰত বিলি মানু। অসমীয়াৰ ভিতৰত ফুকনেই এতে নিল সানী পাশ্চাত্য উচ্চ শিক্ষা শিক্ষিত কৰিবৰ নিমিত্তেফলিলৈ পঠাই