পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 মোৰ জীৱন সোৱৰণ ছাত্ৰ গোস্বামী ডাঙৰীয়াৰ পুতেকে গোৰামীক ঘৰলৈ লৈ গৈ সেই দৃপট পৰিবৰ্তন কৰি দিলে। বিদ্যাৰ গৌৰৱত চন্দ্ৰমোহন গোস্বামী পৃণিমাৰ কোন যেন আছিল। তেওঁ আমাৰ অশেষ ভক্তি শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। কলেজত শিক্ষা শেষ কৰি সংসাৰত সোমাই বিষয়ী হৈও যেতিয়াই অসমলৈ গৈছে বা যেতিয়াই কলিকতাত গোম্বামী ডাঙৰীয়াৰে সৈতে মোৰ দেখা হৈছে, তেতিয়াই তেওঁৰ ওচৰত মোৰ ভক্তিপূৰ্ণ মূৰ দে। খাইছে। তেওঁৰ পুৰণি ছাত্ৰ মোৰ প্ৰতি সদায় অশেষ মেহ থকাটোৰ নিদৰ্শন পাই- ছিলো। “জোনাকী” আৰু “বাহীত* ওলোৱা মোৰ প্ৰবন্ধবোৰ তেও পঢ়ি আমোদ পাইছিল, আৰু সেইবোৰৰ বিষয়ে, মোৰে সৈতে দেখা ব'লে, মোৰ আগত মতামত প্ৰকাশ কৰিছিল। মোৰ বিয়াৰ কিছুমান দিনৰ পিচত তেওঁৰে সৈতে এবাৰ কলিকতাত মোৰ দেখা হৈছিল। তেওঁ in a fatherly way অৰ্থাৎ বাপেকে পুতেকক উপদেশ দিয়াৰ দৰে মোক কৈছিল—“ঠাকুৰ বাড়ীত তুমি বিয়া কৰাই ভাল কৰিছা। মই বৰ সন্তোষ পাইছে। তেওঁলোকৰ পৰিয়াল বঙ্গদেশত বৰ aristocratic (সা)। কিন্তু সেই বুলি তুমি তেওলোকৰ আগত এচুলশানো হীনতা অনুভব আৰু প্ৰকাশ নকৰিবা; কাৰণ এইটো মনত ৰাখিব, যে তেওঁলোকৰ দেশত তেওঁলোক বংশগৌৰৱত যেনেকৈ ডাঙৰ, তোমাৰ দেশতো তুমি তেনেকুৱা।” মই গগন লোচনেৰে মূৰ দেৱাই, তেওঁৰ কথাৰ মৰ্য্যতৰ কৰি appreciation নালো।