মোৰ জীৱন সোৱৰণ হয়। আমাৰ দায়-দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত “পেচ কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্বলক্ষণ প্ৰকাশিত হয়। সেই পূৰ্বলক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায়, যে আমাৰ তীক্ষ দৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ আহাৰানন্দ” টুটি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰুৱা, তথাপি মাজৰ চুলিকোছাৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰুৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনোমতে নন নাছিল। তেওঁৰ দীঘল চুলিকোছাৰ আগত টিকনিৰ যিটো থোপোৰা গাঁঠি আছিল, সেইটোও পৰিমৰা বিধৰ নাছিল। ভূইপৰ আগতে যেনেকৈ প্ৰকৃতিৰ এটা গমগমীয়া আকৃতি দেখা যায়, আমাৰ বিৰুদ্ধে মোকদমা “ক” কৰিবৰ আগতে ককাৰৰ তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহূৰ্ততে তেওৰ গলধনত, সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্মালিৰে বিভূষিত হৈ মহাসুথে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঁঠিয়ে উগ্ৰমূৰ্তি ধৰি ককাৰ হাতৰ সহায়েৰে তেওঁৰ ব্ৰহ্ম তালুৰ ওপৰত উঠে, আৰু আমাৰ প্ৰতি বি ভাব প্ৰদৰ্শন কৰি নিৰ্মমভাৱে ফেৰ পাতে। এনে Signal অৰ্থাৎ সাঙ্কেতিক চিহুই আমাক কবলৈ আৰু বাকী নাৰাখে যে “লৰাহঁত! আজি তহঁতৰ ফালে পতং?” আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধযাত্ৰাৰ এইটো প্ৰথম Stage বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰে সৈতে ৰিজাব পাৰি। তেও আমাৰ ফালে চাই মূৰ দুপিয়ায় আৰু দুই তিনটা মিচিকীয়া হাঁহি মাৰে। তৃতীয় অৱস্থা—ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন, “কি হৈছিল?” চতুৰ্থ অৱস্থা-জি লক্ষ্মীনাথে•••” ইত্যাদি অভিযোগ। পঞ্চম ষ্টে বা Conclusion অৰ্থাৎ সামৰণি -দেউতাৰ হাতত সেই দিই বা পিছদিনা আমাৰ লাহনা। যি হওক, এইটো কোৱা উচিত যে তথাপি আমি লৰাবোৰে ককাক প্ৰাণভৰি ভাল পাইছিলোহঁক।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৮
অৱয়ব