পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ জীৱন সোৱৰণ আছিলো। সেই কথা গধুলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোলকা ধৰি চেকনিৰে কোবাইছিল। ২য়টো।তেনেকুৱা বৰপানীত কৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ,—কিছুমান বনৰীয়া মহ সাতুৰি গৈছিল, আৰু দূৰৈৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল। ৩য়টো।দেউতাৰে সৈতে সততে আমি বৰপেটাৰ কীৰ্ত্তন- ঘৰলৈ গৈছিলোঁ। কীৰ্ত্তন-ঘৰৰ বৰ-খুটা, বৰ-গছা, আৰু কাঠিত অৰ্থাৎ বহল পিৰালিত বহি, বুঢ়ী ভকতনী সকলে নাম গোৱা দেখিছিলোঁ। কীৰ্ত্তন-ঘৰৰ বিষয়ে এই তিনটা কথাৰ সঁচ আজিলৈকে মোৰ মনত পৰি আছে। ৪ৰ্থটো।—সত্ৰৰ হাটীত বৰবহাৰ আতৈৰ বহাৰ ভিতৰত হাতী- খুজীয়া বাটীত মহৰ এঠা দৈ-গাখীৰ আৰু এখামোচ গুৰেৰে সৈতে সুন্দৰকৈ কোমলা বোকা-চাউল বা কোমল-চাউলৰ জলপান খাইছিলো। বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে; আৰু লগে লগে তেওঁৰ উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙ্গুলিয়াই আমাক দেখুৱা মনত আছে,-“সৌটো হাতীমূৰা পৰ্বত! সৌটো পোৰা পৰ্বত! সৌটো শিৰি-পৰ্বত।” ইত্যাদি। মনত আছে, এদিন আমাৰ নাও পৰ্বত এটাৰ কাষেদি উজাই আহেতে দেখিবলৈ পোৱা গল যে এজনী মাইকী পহু নৈৰ পাৰৰ জুৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত, পহুজনী নাৱৰীয়াহতে টানি আনি নাৱৰ আগ-চৰত তুলিলে। দেখি অনুমান হল, অলপমান বেলিৰ আগতে বাঘে পহজনী মাৰিছিল; কাৰ বাৰ কামোৰৰ ন চ তাইৰ গাত জাল্যমান, আৰু তাৰ পৰা তেতিয়াও তেজ টোপাটোপে বৈ আহিল। বোধকৰে, পৰ্বতৰ গাত বাপেলী