লৌহিত্যই আকৌ কেতিয়া তাক কত পাতিলে, মোৰ ভাৰ-সহোতা ব্ৰহ্মপুত্ৰৰ সেই চলন্তা পানী কলৈ লৈ গল, কাঠৰ সেই নাওখন মোৰ জন্ম-কুন্ধিটিৰে সৈতে কেতিয়া কত পচি ভাগি-ছিগি কোন পঞ্চভূতত বিলীন হল, কোনে জানে, কোনে কব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই চলন্তা পানী সাগৰত পৰি, কালক্ৰমত উতি আকাশলৈ উঠি, ডাৱৰ হৈ বতাহৰ কোবত আকৌ আহি ব্ৰহ্মপুত্ৰত বৰষুণৰূপে পৰি বৈ গৈ আকৌ সমুদ্ৰত পৰি, আকৌ কতবাৰ সেই পৰিবৰ্ত্তনৰ খেল খেলিছে , আৰু হয়তো তাৰে এটোপা গোটাদেক কৃষ্ণবৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত হৈ আজি এই লেখকৰ মৈদামত সোমাই কাপৰ আগেদি ওলাই আহি এই তুলাপাতত লেখকৰ জীৱন-সোৱঁৰণ লেখাৰ সহায়ক হৈ পৰিছে, কোনে জানে, কোনে কব পাৰে?
আমাৰ আসামত লৰা উপজিলে উৰুলি দিয়ে, শঙ্খ ঘণ্টা বজায়, বৰ-কাঁহ কোবায়; ছোৱালী উপজিলে ঢেকি কোবায়, কুলা বজায়। প্ৰবসুৱা বালিৰ ওপৰত মোৰ জন্মোৎসব উপলক্ষে কোনে কি কৰিছিল, কব নোৱাৰোঁ; কিন্তু মোৰ এজন ককাইদেৱে হেনো “আজিৰ পৰা আমি পাঁচোটো হলো” এই বুলি আনন্দত টিকা চপৰিয়াই চপৰিয়াই বালিৰ ওপৰত দেওপাৰি নাচি ফুৰিছিল, এইটো হলে মই ডাঙৰ হলত। শুনিছিলোঁ।
বৰপেটাত পিতৃদেৱতা মুঞ্চেফ হৈ তিনি বছৰমান আছিল। বৰপেটাৰ স্মৃতিৰ ভিতৰত মোৰ মাথোন চাইটা কথা ধূঁৱলিকুঁৱলীকৈ মনত আছে :—
১মটো।— বৰপেটাত বাৰিষা বছৰি নৈৰ পানীৰ ঢলে ছহৰখন প্ৰায় তল নিয়ায়। এবাৰ তেনেকুৱা ঢলত আমাৰ ঘৰৰ চোতালতো একাঠুৱা পানী হৈছিল; আৰু সেই পানীত নামি মই মোৰ লগৰীয়া ভাগিন আৰু ককাইদেও সকলেৰে সৈতে ওৰে দিনটো খেদখেদাই