পৃষ্ঠা:Manomati.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
মনোমতী

বঢ়াই দি ওলাই আহি কলে—“চিত্ৰলেখি! বাৰু মই গাওঁ। শুনাচোন। হয়নে নহয় কবা

তোমাৰ বিৰহত হে লক্ষ্মী
মূৰ্চ্ছা গলে সখী চিত্ৰলেখী

 পমীলা—“ছিঃ আতৈ! এতিয়াই দেখোন আপুনি “একোকে নেজানো” বুলি কৈছিল। এতিয়াই নো আকৌ এনে যোৰা দিবলৈ কত শিকিলে?”

 শান্তিৰাম—“অ নহয় নহয় মই পাহৰিছোঁহে। চকুৱে মুখে ধোঁৱা লাগি কিবাহে গালোঁ। বাৰু মই আকৌ গাওঁ শুনা।”

“তোমাৰ বিৰহত হে হৰি
মূৰ্চ্ছা গলে ৰাধা পটেশ্বৰী॥

 হয়নে চিত্ৰলেখি! এইয়ে হয়নে?” পমীলাই হাঁহি হাঁহি উত্তৰ কৰিলে “হয় আতৈ! বাৰু হৈছে। ইয়াৰ পিছতে পমীলাই সেইটো নামৰ বাকী ডোখৰ আৰু সিটো নাম শান্তিৰামক গাই শুনালে। শান্তিৰামেও মাজে মাজে যোৰা দি দি ধেমালি কৰিলে। ইয়াৰ পিছতে পমীলাই শান্তিৰামত বিদায় ললে। তেওঁ যাবৰ পৰত পেটে পেটে ভাবি গ’ল “ভকতক চিনিলোঁ”। শান্তিৰামেও পেটে পেটে ভাবিলে—এৰা এনে নহলেনো বৰুৱাৰ গোটেইখন ঘৰতে এওঁ মহতালি কৰিব পাৰেনে?”

 পমীলাক বিদায় দি উঠি শান্তিৰামে সেই দিনা আধাফুটীয়া ভাত খাই খঞ্জুৰিটো আৰু লাখুটিডাল লৈ যুগীৰ পামৰ বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ললে।