পমীলা—“আতৈ! কওক মই কৰিব দিয়া কাম কৰিবনে নকৰে।”
শান্তিৰাম—“এৰা। তুমি চিত্ৰলেখী হৈছা নহয় আৰু মোকো আগেয়ে সইত কঢ়াই লৈছা নহয় এতিয়া তোমাৰ হাক বচন মতে নচলিলে আমাক জানো শুদাই এৰিবা? বাৰু যাব লাগে যাম। কিন্তু পমীলা! অ নহয় নহয় চিত্ৰলেখি। তুমিনো আন মানুহক এই কামলৈ পাচিব নোৱাৰিলানে? মই দেখোন কেৱলীয়া মানুহ। মইনো লৰা ভঙাবলৈ জানিমনে?”
পমীলা—“আপুনিয়েই এনেবিলাক কামব ওজা বুলি ভাবিহে আপোনাৰ ওচৰলৈ আহিছো। বিশেষ আপুনি ভকত মানুহ যলৈকে তলৈকে যাব পাৰে। খঞ্জুৰি বজাই নাম গাই শুনাইও মানুহক ফান্দত পেলাব পাৰে। সেই দেখিহে আহিছোঁ৷”
শান্তিৰাম—“চিত্ৰলেখি! তুমিও ভাল এজনী বাৰু! মইনো কেনেকৈ কি কব লাগিব শিকাই দিয়া।”
পমীলা—“আতৈ! মই আপোনাক দুটি নাম শিকাই দিওঁ সেই নাম দুটি গাব।”
শান্তিৰাম—বাৰু গোৱাচোন শুনো। মনত বা থাকে নেথাকে।”
পমীলা—লেচাৰী
তোমাৰ বিৰহত হে হৰি
মুচ্ছা গলে ৰাধা পটেশ্বৰী
শান্তিৰাম—“পমীলা! ৰবা মই জালকুৰা বঢ়াই আহোঁ।”
এই বুলি কৈ ভকত ভিতৰলৈ গ’ল। আকৌ জালকুৰা