হলকান্ত—“আমাৰ স্বৰ্গদেৱনো কলৈ গ’ল?”
লক্ষ্মীকান্ত—“আমাৰ স্বৰ্গদেৱ হেনো ভটিয়াই আহি গুৱাহাটীত নকৈ পতা বৰফুকনৰ লগ লাগিছে; আৰু বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ সৈন্য সামন্ত গোটাইছে।"
হলকান্ত—“এৰা মইও সেই কথাকে শুনিছোঁ। কিন্তু কি আচৰিত বৰফুকনে দেখোন মোলৈ একো বুজ-বাতৰি পঠোৱা নাই।”
লক্ষ্মীকান্ত—“বৰফুকনে আমালৈকো মানুহ পঠাব পায়। সেই মানুহ আহি পোৱা নাই হবলা।”
হলকান্ত—"এৰা সেইটোৱেই হব পায়।"
পুতেকে সৈতে এই কথাবতৰা পাতি হলকান্তই তেওঁৰ সমজুৱা কেজনলৈ চাই সুধিলে—"সমজুৱাসকল। এতিয়ানো। আমাৰ কি কৰা যুগুত, সকলো কথাকেই শুনিলা।” সমজুৱা বিলাকে কলে:—"দেউতা! আমাৰ সৈন্য্য সামন্ত লৈ এতিয়াৰে পৰা সাজু হোৱা যুগুত।” হলকান্ত—“এৰা মইও তাকে ভাবোঁ; বাৰু কোৱাচোন তোমালোকে কোনে কিমান ৰণুৱা দিব পাৰিবা।” সমজুৱা সকলৰ দুজনে কলে:—“দেউতা! আমি দুয়ো আমাৰ খেলৰ পৰা আঠশ ৰণুৱা দিব পাৰিম।” সি চাৰিজন সমজুৱাই কলে:—দেউতা! আমি আমাৰ চাৰিউ খেলৰ পৰা খেলে প্ৰতি আঠ নওশ ৰণুৱা দিব পাৰিম।” হলকান্ত— "তেনেহলে আমাৰ মুঠতে প্ৰায় চাৰি হাজাৰ ৰণুৱা হব। কিন্তু ইমান কম ৰণুৱাৰে সৈতে মানৰ দেড়কুৰি দুকুৰি হাজাৰ ৰণুৱাৰ