পৃষ্ঠা:Manomati.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এনেতে মেলচৰাৰ পৰা বাপেকে তেওঁক মাতি পঠালে। তেওঁ লৰালৰিকৈ গৈ মেলচৰাত বাপেকৰ আগত বহিল। বাপেকে সেই সময়ত মেৰধাৰি পাৰি গুৰগুৰি টানি তেওঁৰ ফৈদৰ পাঁচছয়জনমান মানুহৰে সৈতে মেল পাতি আাছিল। লক্ষ্মীকান্ত গৈ আগত বহা মাত্ৰকে তেওঁ কলে—“বোপা! তই দেখোন আজি কেইদিন মানৰ পৰা মনটো মাৰি আছ?” লক্ষ্মীকান্ত- “দেউতা! মোৰ গাটো ভাল লগা নাই।” হলকান্ত—“তোৰনো কি হৈছে নকৱ কেলেই?”

 লক্ষ্মীকান্ত-—দেউতা! মোৰ তেনে বিশেষ একো হোৱা নাই।”

 হলকান্ত—“বাৰু এইবাৰ বৰপেটাৰ কীৰ্ত্তন ঘৰত ফাকুৱাত কিমান মানুহ হৈছিল?”

 লক্ষ্মীকান্ত—“দেউতা। এইবাৰো ফাকুৱাত আগৰ দৰেই মানুহ হৈছিল?”

 হলকান্ত—গুৱাহাটীৰ ফালৰ কোনোবা মানুহ লগ পাইছিলি নে?”

 লক্ষ্মীকান্ত—"সোৱাঁলকুচিৰ ফালৰ কেইবাজোৰ মানুহকো লগ পাইছিলোঁ।”

 হলকান্ত—আমাৰ উজনিৰ ফালৰ কিবা বুজ-বতৰা পালিনে?”

 লক্ষ্মীকান্ত-“দেউতা! মই শুনিলোঁ মানে হেনো আমাৰ স্বৰ্গদেৱক এইবাৰ যুঁজত ঘটুৱাই উজনিৰ ফালৰ পৰা দেশ নগৰ উপান্ত কৰি আহিব লাগিছে।”