পৃষ্ঠা:Manomati.pdf/২৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সামৰণি

 (১) পোৰা পাতা- আমাৰ দেশত মাইকী মানুহবিলাকৰ ভিতৰত হেনো এটা নিয়ম আছিল৷ কোনো মাইকী মানুহক যদি গিৰিয়েকে মৰম এৰি খেদি পেলাই বা এৰি থৈ কৰবালৈ গুচি যায়, তেনেহলে সেই তিৰুতাজনীয়ে হেনো যদি তেওঁৰ স্বামীক পুনৰ পাব খোজে, তেনেহলে তুঁহ জুই একুৰা ধৰি কিবা দৰবৰ লগত বুকুৰ তেজ এটোপা ককিলা-দাঁড়েৰে উলিয়াই সেই দৰবৰ লগত মাৰি দৰব তুঁহ জুইত সুমাই দিয়ে, আৰু মন্ত্ৰ মাতে৷ তেতিয়া হেনো তেওঁলৈ তেওঁক এৰি থৈ যোৱা গিৰিয়েকৰ হৃদয়খন পুৰিবলৈ ধৰে৷ শেষত পোৰণিত তত নেপালে হেনো লৰি উলটি আহি ঘৈণীয়েকৰ ভৰিত পৰেহি আৰু এইদৰে আহুদিত বশ হৈ ঘৈণীয়েকৰ আগত এটা ভেড়া হয়৷

 (২) পাঠক! বৰপেটীয়া বিয়াৰ নাম কেনেকুৱা তাৰ আৰ্হি স্বৰূপ তিনিটা যোৰা নাম দিওঁ৷

(১)

 
 “অ নিলাই অ
 আগ খান চোতাল অ
অ নিলাই অ-মোছানা কোছানা অ
পাছখান চোতালৰ ধূলি মন্দোদৰী কমলা অ
অ নিলাই অ—আমাৰে বৰটো অ
অ নিলাই অ—যিখানত বহিছে অ
সেইখানে বৈকুণ্ঠৰ পুৰী মন্দোদৰী কমলা অ
অ নিলাই অ—কাৰবাৰ কোনোবা অ
চোতাল পাই চিনাকি দুলি মন্দোদৰী কমলা অ’