সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ত্ৰয়োদশ অধ্যায়

 (১) এতিয়াও বৰনগৰৰ ফালে প্ৰবাদ আছে যে চণ্ডী বৰুৱাক উদ্ধাৰ কৰিবৰ নিমিত্তে এযোৰা মানুহে হেনো বহুদূৰৰ পৰা এটা সিদ্ধি খানি তেওঁ থকা বন্দী ঘৰটোৰ ভিতৰত সোমাই ভুল কৰি তেওঁক নিনি আন কোনোবা এটা মানুহকহে নিলে৷ বৰপেটা অঞ্চলৰ সকলো মানুহেই এইটো কথা কয়৷

পঞ্চদশ অধ্যায়

 (১) ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ সময়লৈকে এই সমৃদ্ধিশালী গাওঁখন আছিল৷ ১৮৯৭ চনৰ ভূমিকম্পত এই গাওঁখন নষ্ট হৈছে৷ আজি কালি ইয়াত মানুহ নাই৷

ষোড়শ অধ্যায়

 (১) প্ৰবাদ আছে চৈতন্যসিংহে হেনো অকলৈ নিজ হাতে এহেজাৰ মান কাটে৷ তেওঁ মৰাত হেনো তেওঁৰ ঘৈণীয়েকে ৰণচণ্ডী বেশ ধাৰণ কৰি দুই হাজাৰ মান কাটি শেষত তেৱোঁ পতিৰ অনুগামিনী হয়৷ চৈতন্যসিংহৰ বীৰত্ব আজিলৈকে অসমীয়া মানুহে বখানে৷