দ্বাবিংশ অধ্যায়
বৰপেটীয়া মেল
পাঠক সকল! বিশেষ মোৰ বৰপেটীয়া বন্ধু সকল। আপনালোকক এটি কথাৰ বাবে খাটিবলগীয়াত পৰিলোঁ। উপাখ্যান বা উপন্যাসৰ অনুৰোধত পৰি আজি আমি এফেৰা কথা লিখিবলৈ ওলালোঁ। আপোনাসকলে কিজানি সেই কথাৰ বাবে আমাক বেয়াকে পায়। কিন্তু আমি কি কৰিম। প্ৰায় গ্ৰন্থকাৰৰ কপালত ঈশ্বৰে সুখ নেলেখে। এজনে যি কোনো এটা কথা ভাল পায়, আনজনে আকৌ সেইটোকে বেয়া পায়; অথচ উপাখ্যানত সেই কথা এৰি গলেও উপাখ্যানৰ অঙ্গ সম্পূৰ্ণ নহয়। এইবিলাক কাৰণে আজি আমি এটা মহা লেঠাত পৰিলো। নিচলাৰ লিখাত যেন কেৱে দোষ নধৰে। আমি আজিকালিৰ কথা লিখা নাই। মানৰ দিনত কেনে আছিল। তাকেহে লিখিবলৈ ওলালোঁ।
মহাপুৰুষীয়া সত্ৰবিলাকৰ ভিতৰত বৰপেটাৰ থানেই হেনো প্ৰধান। আজি কালিৰ দৰে সেই সময়তো বৰপেটাবাসী মানুহৰ থানৰ ওপৰত প্ৰগাঢ় শ্ৰদ্ধা, প্ৰগাঢ় ভক্তি আছিল। অসমৰ সকলো ঠাইৰে পৰা সেই সময়তো অসংখ্য যাত্ৰী বৰপেটাৰ থানত সেৱা কৰিবলৈ যাতায়াত কৰিছিল আৰু থানৰ উৎপনো যথেষ্ট আছিল। কিন্তু আন আন সত্ৰৰ দৰে বৰপেটাৰ থানৰ নীতি-