পৃষ্ঠা:Manomati.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিয়ম একো নাছিল৷ সত্ৰৰ থাপনাকাৰী ৺মহাপুৰুষ বৈকুণ্ঠী হবৰ সময়ত, ভকতৰ সমূহকে আৰু ৰাইজকে থানৰ গৰাকী পাতি থৈ যায়৷ এই কাৰণে বৰপেটা সত্ৰৰ স্বত্ব গ্ৰজাতন্ত্ৰৰ ওপৰত আছিল৷ কিন্তু স্বত্বটো প্ৰজাতন্ত্ৰ থাকিলেও যেয়ে বলী, যেয়ে বুদ্ধিমান আৰু বিচক্ষণ সেয়ে লাভৰ ভাগ সৰহকৈ খাবলৈ চেষ্টা কৰিছিল৷ আৰু এইদৰে স্বাৰ্থৰ বশবৰ্ত্তী হৈ সকলোৱে সদায় হাই দন্দ কাজিয়া আৰু দলাদলি কৰিছিল৷ যাৰ স্বাৰ্থ যিফালে সি সেইফালে টানিছিল৷ অজলা ৰাইজক চূনটেপা আৰু পানখিলা দি মুখিয়াল কেইজনে সদায় বৰ চৰুটো আত্মসাৎ কৰিবলৈ অভিপ্ৰায় কৰিছিল৷ যেয়ে বুধিয়ে কৌশলে পাৰ্গত সেয়ে আন দহোটাৰ অধিপতি হৈ লাভৰ ভাগ সৰহকৈ খাই- ছিল৷ এইদৰে সেই সময়তো কীৰ্ত্তন ঘৰৰ লাভৰ হিস্বা লৈ বৰপেটীয়া মানুহে এনে বিবাদ কৰিছিল যে কাৰো কোনো কথাত এটা মত নাছিল৷ কোনো সৎকৰ্ম শীঘ্ৰে হৈ নুঠিছিল৷

 সেই দিনাখন সত্ৰীয়াৰ আদেশ পাই কেৱলীয়া ভকতসকলে খাই-বই উঠি থানৰ ভাগ খাওঁতা মূৰি মানুহবিলাকৰ ঘৰে ঘৰে গ’ল আক সকলোকে আবেলি কীৰ্ত্তন ঘৰলৈ যাবলৈ কলে৷ কেৱলীয়া সকলৰ কথাত দুই চাৰিজন থানৰ ভাগ খাওঁতা মূৰি মানুহে কলে—“অমূক অমূক ভাগ খাওঁতাহঁতক মতা নাইনে? সিহঁতেনো এতিয়া কি কৰিছে?” ভকত সকলে এই কথাৰ উত্তৰত কৈছিল—“তেওঁবিলাককো মতা গৈছে৷ এই টো দলাদলিৰ মেল নহয় সকলোৱে একেমত হৈ কৰাহে কাম৷”