পৃষ্ঠা:Manomati.pdf/১৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯৫
মানহঁতৰ দেওপূজা—প্ৰতিমা বিসৰ্জ্জন

আনিবলৈ আদেশ দিলে। মানহঁতেও একে একে বন্দীবিলাকক উলিয়াই আনিবলৈ ধৰিলে। চাৰিজন মানে প্ৰথমেই চণ্ডী বৰুৱাক আনি উলিয়ালে। সেনাপতি মিঙ্গিমাহাই চণ্ডী বৰুৱাক তাৰ আগত থিয় কৰি সুধিলে—‘অহম! তই কেলেই আমাৰ লগত যুঁজ কৰিছিলি?” চণ্ডী বৰুৱাই বুজিলে যে মানহঁতৰ পৰা তেওঁৰ ৰক্ষা পোৱা টান। আৰু মৰিবৰ সময়ত কাপুৰুষৰ দৰে মৰাতকৈ সাহেৰে সৈতে মৰাই ভাল। ইয়াকে ভাবি আৰু মৰণকে সাৰোগত কৰি নিৰ্ভয় চিত্তে উত্তৰ কৰিলে—“মই তহঁতৰ লগত যুঁজ কৰিবলৈ নেপালোঁ। বিধতা মোলৈ অপ্ৰসন্ন হ’ল।” মিঙ্গিমাহাই সুধিলে—“ভালকৈ যুঁজ কৰা হলেনো কি কৰিলি হেতেন?” চওী বৰুৱাই ক’লে—“ভালকৈ মই সৈন্য-সামন্ত গোটাই যুঁজিব পৰা হলে তোৰে সমন্বিতে তোৰ মানক থুকুচি থুকুচি কাটিলোঁহেতেন। কিন্তু বিধতা মোলৈ অপ্ৰসন্ন হ’ল। ” মিঙ্গিমাহাই হাঁহি হাঁহি ক'লে—অহম। তোৰ যদি এতিয়াও যুঁজ কৰিবলৈ হাবিলাষ আছে তেন্তে তই মোৰ দোৱনীয়া হ আৰু হাদিৰাচকিৰ যুজলৈ ওলা। ” চণ্ডী বৰুৱা—“হাদিৰাত কাৰ লগতনো যুঁজ কৰিবলৈ?” মিঙ্গিমাহা—“চন্দ্ৰকান্ত ৰজাৰ লগত।” চণ্ডী বৰুৱা—“ইটো প্ৰাণ থাকোঁতে মই ৰজাৰ বিপক্ষে অস্ত্ৰ ধৰিব নোৱাৰোঁ।” মিঙ্গিমাহা—“তোৰ ৰজা কোন অ?” চণ্ডী বৰুৱা—“মোৰ ৰঙ্গা চন্দ্ৰকান্ত সিংহ।” মিঙ্গিমাহা —“তোৰ ৰজা এতিয়াও চন্দ্ৰকান্তই আছেনে? মইনো তেন্তে কি?” চণ্ডী বৰুৱা “মোৰ ৰজা এতিয়াও চন্দ্ৰকান্তই। তই