পৃষ্ঠা:Manomati.pdf/২০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অধৰমী, পশু, পিশাচ মান।” চণ্ডী বৰুৱাৰ এই কথাত মিঙ্গিমাহা খঙতে ৰঙা পৰি তৎক্ষণাৎ তাৰ তৰোৱাল উলিয়াই তেওঁৰ মূৰত ঘা মাৰি দিলে; এনেতে আৰু চাৰি পাঁচোটা মানে তেওঁৰ ওপৰত ওপৰাউপৰি কৰি তৰোৱাল মাৰি চণ্ডী বৰুৱাক ইহ জনমৰ যাতনাৰ পৰা মুক্ত কৰিলে। মানৰ হাতত এইদৰে দুকুৰি বছৰ বয়সত মইনবৰি গাৱঁত চণ্ডী বৰুৱাই তেওঁৰ জীৱলীলা সামৰিলে।

 চণ্ডী বৰুৱাক কাটি উঠি মানহঁতে হলকান্ত আৰু লক্ষ্মীকান্ত বৰুৱাক আনিবলৈ গ’ল। মানহঁতে তেওঁবিলাকৰ ঘৰৰ ভিতৰত সোমাই তেওঁবিলাকৰ কাকো নেপাই উলটি আহি সেনাপতিক জনালে যে বন্দী পলাইছে। মিঙ্গিমাহাই সিহঁতৰ এই কথা শুনি খঙতে ৰঙা পৰিল আৰু তেওঁবিলাকক নেপাই পমীলাহঁতৰ পৰীয়া মানটোক আনিবলৈ দিলে। মানহঁতে গৈ সেই দুৱাৰৰখা মানটোক আনিলে। সি আহি আগত থিয় হোৱা মাত্ৰকে মিঙ্গিমাহাই চকু পকাই পকাই সুধিলে—“তোৰ বন্দী দুজনী কি হ’ল? টেঙ্গুলা কালি কেনেকৈ মৰিল?” পৰীয়াটোৱে ক'লে—“জানো সিহঁতৰ কি হ’ল কব নোৱাৰোঁ। টেঙ্গুলাক কোনো মানুহে আহি মাৰিলে।” মিঙ্গিমাহা—“তই সঁচা কথা ক। টেঙ্গুলা মৰা, বন্দী দুজনী পলোওৱা ইয়াত ভালেমান কথা থাকিব পায়। সঁচা নকওৱ যদি তোক আজি কাটি পেলাম।” পৰীয়াটোৱে তেওঁৰ এই কথাত এবাৰ কামডেঙৰ চকুৰ ফালে চাই ক’লে,—“সেনাপতি! মই সঁচা কব লাগিলে দোষ তোমাৰ