প সনাতন সম্পর্কে কথাও বঙ্গদেশত প্ৰচলিত কথাৰে নিমিলে। বঙ্গদেশত আজি কালি প্রচলিত আৰু স্বিৰীত কথাৰ যে সমুলি আসােৱহ মৰিছে এনে নহয় ; আৰু তেওঁলােকৰ বােৰেই হে যে অকাট্য, আষাৰবােৰ কাপনিক, ক্ষুদ্র জ্ঞান লৈ এনে সিদ্ধান্ত কৰিবলৈ আমাৰ সাহ নাই। কিতাপখন অকল আজিকালি ইংৰাজি শিক্ষিত পাশ্চাত্য ভাবাপনুসকলৰ নিমিতে হে যে যুগুত কৰা হৈছে এনে নহয় ; নব্য পুৰণি ভকত অভকত সকলােৰে নিমিতে লেখা হৈছে। মাজে মাজে ইয়াত যিবােৰ অলৌকিক কথাৰ বিৰৰণ দিয়া হৈছে, সেইবােৰ যিসকল মনঃপুত নহয়, তেওঁলােকে সেইবােৰ চট এই কাষৰীয়া কাট তেওঁলােকৰ নাও ৰাই লৈ গলেই কাৰ চলিব। যীচু খ্ৰীষ্টৰ জীৱনতাে এনে অলৌকিক কাহিনী ( Miracle ) আটক নাই ; ওটেষ্টেণ্টৰ কথাকে নকওঁ, নিউটেষ্টেমেণ্ট বাইবােলৰ ভিতৰতে ভৰি ভূৰি ; তথাপি তাৰপৰা সেইবােৰ বাৰ পৰা নাই। যাৰ যেনে অভিৰুচি তেওঁ তেনেকৈ গ্ৰহণ কৰিব। আৰু এটা কথা পাঠকে এই কিতাপ পটোতে মন কৰিব, যে গ্রন্থকাৰৰ “শঙ্কৰদেৱ” কিতাপত থকা কোনাে কোনাে সিদ্ধান্তৰে সৈতে এই কিতাপত থকা কোনাে কথা নিমিলে। ইযাৰ কাৰণ এই হে যে “শঙ্কৰদেৱ" কিতাপ লৰালৰিকৈ লিখা হৈছিল, আৰু বাৱিকতে গুৱাহাটীৰ “অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ" প্রশ্ন কিছুমানৰ উত্তৰস্বৰূপে অৰু লেখা হৈছিল। “শঙ্কৰদেৱ” কিতাপৰ আৰু এটা যাই উদ্দেশ্য আছিল, মহাপুৰু শঙ্ক- দেৱৰ ফালে মানুহৰ মনযােগ আকর্ষণ কৰা; সুখৰ বিষয় সেই কিতাপে সেই কাৰ্য্য অনেক পৰিমাণে সিদ্ধি কৰিলে। এই কিতাপৰ গুৰিডােখৰত “শঙ্কৰদেৱ” কিতাপৰৰ অনেক সহায় লােৱা হৈছে। শেহত কওঁ যে শঙ্কৰদেৱৰ মাধৱদেৱৰ অমূল্য অসংখ্য গ্ৰ, গীত ভটা আদি ৰচনাৰ সম্যকরূপে আলােচনা এই কিতাপত কৰা হােৱা নাই, যদিও আমাৰ সেইটো কৰিবৰ খুৰ ইচছা আছিল। সেইকাৰ্য কৰিবলৈ গলে কিতাপখন আৰু অনেক ডাঙৰ হয় দেখি সেই কাৰ্যৰপৰা সম্প্রতি বিৰত হলো। ঈশ্বৰে অনুগ্ৰহ কৰিলে আৰু সময় আৰু সুবিধা পালে, পিছত সেই কাম যথাসাধ্য কৰিবলৈ আশা ৰাখিলোঁ । অন্তত আৰু এৰি কথা কৰ লগীয়া আছে,—চিকাল এই প্ৰকাৰৰ প্ৰতি আতবে- পর্ণ, সমানভাজন শ্ৰীযুক্ত ভােলানাথ বৰুৱা ডাঙৰীয়াই এই কিতাপ হপােৱাৰ সম্পূর্ণ ব্যয়ভাৰ স্বেচছাতে গ্ৰহণ কৰি বিদ্যানুৰাগিতা গুণগ্রাহিত আৰু মহাপুৰুৰীয়াৰ প্ৰতি প্রগাঢ় নিষ্ঠাৰ চিনাকি দিছে; সেই ৰাৰে আমি তেওঁৰ ওচৰত কৃতজ্ঞ থাকিলোঁ। বলে। হাড়। শৰ ১৮৩৬, গ।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯
অৱয়ব