এৰি আহিম, নহয় ভালকৈ লৈ আহিম।” সমাজ যেতিয়া সম্পূৰ্ণ হল
তেতিয়া শঙ্কৰদেৱে ব্ৰহ্মানন্দ আচাৰ্য্যক জিজ্ঞাসা কৰিলে—“আতৈ, পাতকীৰ
কৰ্ম্মত অধিকাৰ আছে নে? অথবা পাতকীয়ে প্ৰায়শ্চিত্ত বা তিলকাঞ্ছন
দান কৰিলে উদ্ধাৰ হব পাৰে নে?” আচাৰ্য্যি কলে, “পাতকীৰ কৰ্ম্মত
অধিকাৰ নাই; প্ৰায়শ্চিত্তই শুদ্ধ কৰিব নোৱাৰে, কেৱল হৰিনামে হে
পাতকীক নিস্তাৰ কৰিব পাৰে।” শঙ্কৰে বাৰে বাৰে দঢ়াই দঢ়াই জিজ্ঞাসা
কৰাত ব্ৰহ্মানন্দই হৰিনামৰ হে মহিমা ব্যাখ্যা কৰিলে। তাৰ পিছত
শঙ্কৰে পুনৰায় প্ৰশ্ন কৰিলে “যদি হৰিনামৰ ইমান মাহাত্ম্য হল, সকলো
শাস্ত্ৰই আৰু বেদেও নামকে হে প্ৰশস্ত বুলি ব্যাখ্যা কৰে, তেনেহলে যি
লোকে নামক নিন্দা কৰে, তাক কি বোলা যায়?” ব্ৰহ্মানন্দই শাস্ত্ৰৰ
সন্মত অনুসাৰে কলে—“নাম নিন্দকজনক চণ্ডাল অপেক্ষাও হীন বোলা
যায়। তাক দেখিলেও পাপ, স্পৰ্শ কৰিলেও পাপ, তাৰ নাম পৰ্য্যন্ত
লব নাপায়।” এই দৰে তেওঁ নামৰ অপৰাধীৰ ব্যাখ্যা কৰিলে। শঙ্কৰ-
দেৱে পুনঃ প্ৰশ্ন কৰিলে, পাতকীৰ বস্তু খাব পায় নে নাপায়?" আচাৰ্যই
উত্তৰ দিলে ‘পাপীৰ বস্তু গ্ৰহণ কৰিলে পাপী হব লাগে।” সমাজৰ
সকলো ব্ৰাহ্মণে এই বাক্যটি স্বীকাৰ কৰিলে। তেতিয়া শঙ্কৰদেৱে বুঢ়া
খাঁক শুধিলে তুমি পাপী নে পুণ্যশীল?” তেওঁ উত্তৰ কৰিলে আমি
সদায় মিছাকথীয়া লোক, কেনেকৈ পুণ্যবান হম ? পাতকীকে বুলিব
লাগে।” ইয়াৰ পিছত শঙ্কৰদেৱে ব্ৰাহ্মণসকলক শুধিলে “আপোনাসকলে
পাপীৰ বস্তু গহণ কৰে নে নকৰে?" উত্তৰ-“পূৰ্ব্বৰ চলিত কথা,
বিশেষত দেশীয় প্ৰথা অনুসৰি গ্ৰহণ কৰিবলগীয়া হৈছে; সময়ত খোৱাও
হৈছে।” প্ৰশ্ন—‘এতিয়া আপোনাসকলে বুঢ়া খাঁৰ বস্তু খায় নে?' উত্তৰত
এই কথা সকলোৱে এক মুখে স্বীকাৰ কৰিলে। শঙ্কৰে শুধিলে আচাৰ্য্য-
দেৱ, আৰু এটি কথা শোধা যাওক,-এজন লোক অশুচি বা ছুৱা গাৰে
আছে, তেওঁ নাম ললে কি দোষ বা পাপ হব পাৰে নে?' ব্ৰহ্মানন্দই
ব্যৱস্থা দেখুৱাই হৰিনামত ছুৱা নাই বুলি প্ৰকাশ কৰিলে। এই কথা শুনি
ব্যাসকলাই শৰ্ম্মাই হাত তুলি উচস্বৰে কলে 'ব্ৰক্ষ্মানন্দ আচাৰ্য কহিলে
হেন সাৰ। ৰাম নাম পৰে ধৰ্ম শ্ৰেষ্ঠ নাহি আৰ। এটাই বাপুসকল
হৰিনামৰ শ্ৰেষ্ঠতা দেখি মাথা চপৰাই নিৰুত্তৰ হল। যুক্তিযুক্ত কথাৰে
দ্বিজমণ্ডলীক জব্দ কৰি শঙ্কৰদেৱে কলে, তোমালোক পাপীৰ দ্ৰব্য গ্ৰহণকাৰী,
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ