সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


শূদ্ৰ এজনে শ্ৰাদ্ধবিধি বৈদিক কাৰ্য্য ৰহিত কৰি ৰাজ্য নষ্টৰ উপক্ৰম কৰিছে। ৰজাই দুত পঠিয়াই শঙ্কৰদেৱক নিয়াই চাঙত তুলিলে। ব্ৰাহ্মণসকলকো নিয়ালে। ৰাজাৰ দূতে ৰাজ আজ্ঞামতে শঙ্কৰক শুধিলে ‘তুমি বোলে ৰাজ্য নষ্ট কৰিলা?’ শঙ্কৰে উত্তৰ দিলে ‘কেনেকৈ, কি বেয়া কাম কৰি ৰাজ্য নষ্ট কৰিলোঁ, মই একো নাজানো।’ ব্ৰাহ্মণসকলক শুধিলত তেওঁ লোকে জনালে যে, ‘শঙ্কৰে শ্ৰাদ্ধ নকৰে, আৰু ভকতসকলকো কৰিব নিদিয়ে।’ শ্ৰাদ্ধ কথা শুনি ৰজাই দুৱৰীয়াক শুধিলে 'শ্ৰাদ্ধ কাক বোলে?’ দুৱৰীয়াই —‘ মানুহ মৰিলে দহা আৰু শ্ৰাদ্ধ কৰে। মৰাৰ পৰা দহ দিনত দহা: ত্ৰিশ দিনৰ মূৰত শ্ৰাদ্ধ কৰা হয়। শ্ৰাদ্ধত কাপোৰ, চাউল, কল, ইত্যাদি বস্তু দি মৃতকক বৰায়; পিছত ব্ৰাহ্মণসকলে সেইবোৰ নি খায় আৰু ব্যৱহাৰ কৰে।’ ৰজাই ব্ৰাহ্মণসকলৰ এনে ব্যৱহাৰ শুনি খং কৰি কলে ‘মৃতকৰ বস্তু খায়! ইহঁতক চাঙৰ পৰা খেদাই দিয়া।' ৰজাৰ আজ্ঞা মাত্ৰকতে ব্ৰাহ্মণসকল ভয় খাই চাঙৰপৰা নামি আহিল। শঙ্কৰক ৰজাই প্ৰশংসা কৰি চাউল চৰু দুগ্ধ ভোজনি উপহাৰ দিলে।

 সেই দিনাৰপৰা ব্ৰাহ্মণসকলৰ মনত শঙ্কৰৰ প্ৰতি আৰু অধিক কক্ষা হল। শূদ্ৰ হৈ শঙ্কৰে ব্ৰাহ্মণক লাঞ্ছনা দিয়ে। প্ৰথম অৱস্থাতে যদি এনে হল ভবিষ্যতলৈ ব্ৰাহ্মণে দেখোন থানকে নোপোৱা হব। এই দৰে তেওঁ- লোকে ভাবি নানা কুমন্ত্ৰণা কৰি, গাওঁ ফুৰিবলৈ যোৱা ভকতসকলক বহুত লাঞ্ছনা কৰিবলৈ ধৰিলে। কাৰো হাতৰ মালা কাঢ়ি নি কুকুৰৰ নেজত আঁৰে, কাকো দলি ফমুটি মাৰি কষ্ট দিয়ে। কোনো কোনোেজনক কুকৰ্ম্মী চণ্ডাল বুলি গালি পাৰে। ভকতসকলে ব্ৰাহ্মণৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি গুৰুজনক সবিশেষ বিৱৰণ জনালে। গুৰুজনে এই কথা বুঢ়াখাঁক কলে। তেওঁ শুনি কলে,-“অলপতে আমাৰ পিতৃশ্ৰাদ্ধ হব, তালৈ ব্ৰাহ্মণসকলক নিয়ন্ত্ৰণ কৰা যাব, আপোনাসকল আহি এই কথাৰ মীমাংসা কৰি লব পাৰিব।” সময়ত শ্ৰাদ্ধ পৰিলহি। বুঢ়া খাঁই সকলো ব্ৰাহ্মণক লৈ নিয়ন্ত্ৰণ কৰিলে; শঙ্কৰকো ভকতসকলৰ সহিতে সেই শ্ৰাদ্ধ্যোপলক্ষে মতালে। সকলো ব্ৰাহ্মণ সমাজ পাতি বহিছে, এনেতে শঙ্কৰদেৱ সমূহীয়া ভকত লৈ আড়ম্বৰ কৰি গৈ কমলি পাৰি বহিলে। শৰদেৱে সেইদিনা ৰপৰা যোৱাৰ সময়ত কৈ গৈছিল, 'আজি হয় মালা