চতুৰ্থ অধ্যায়
তীৰ্থ ভ্ৰমণ
ইয়াৰ পিছত শঙ্কৰদেৱে জোৱায়েকৰ হাতত তেওঁৰ ঘৰবাৰী যথাসৰ্ব্বস্ব সমৰ্পণ কৰি পিতৃ মাতৃ আৰু ভাৰ্য্যাৰ অস্থি লৈ তীৰ্থ যাত্ৰা কৰিলে। তীৰ্থলৈ যাবলৈ ওলাই শঙ্কৰদেৱে তেওঁৰ অধ্যাপক মহেন্দ্ৰ কন্দলিক মতাই আনি তেওঁৰ ওচৰত বিদায় মাগিলত, মহেন্দ্ৰ কন্দলিয়ে কাকুতি কৰি তেওঁকো লগত নিবলৈ খাটিলে। শঙ্কৰদেৱে কন্দলিৰ প্ৰাৰ্থনা মতে কন্দলিকো লগত ললে। শঙ্কৰদেৱৰ লগত ১৭ জন যাত্ৰী গৈছিল। তাৰ ভিতৰত,তলত নাম দিয়াসকল আছিল।-ৰামৰাম, নৰোত্তম, কন্দলি, সৰ্ব্বজয়, বলৰাম, হৃষিকেশ, পৰমানন্দ, দামোদৰ, শ্ৰীৰাম, মহেন্দ্ৰ কন্দলি। শঙ্কৰদেৱে বুঢ়ীমাক খেৰসূতীৰ ভৰিত পৰি সেৱা কৰি, ভায়েক বনগয়াঁ গিৰীক আকোঁৱালি ধৰি আশ্বাস কৰি তেওঁক বুঢ়ীমাকৰ হাতত সমৰ্পণ কৰি আৰু আন সকলোকে যথাযোগ্য সম্মান সৎকাৰ আদৰ সম্ভাষণ কৰি সকলোৰে ওচৰত বিদায় লৈ, নাৱত উঠি ভটীয়াই গল। সাত দিন ভটীয়াই গৈ তেওঁ নাও এৰি “প্ৰথম প্ৰবাসে বহিলন্ত ঘৰ সাজি।” পৰমানন্দই শঙ্কৰদেৱলৈ খোৱা বস্তু অনিবলৈ বুলি গৈ এজনী বুঢ়ী পোহাৰীৰ ওচৰ পালত, বুঢ়ীয়ে টকা-কড়ি নলৈ, এনেই বস্তু লৈ আহি শঙ্কৰদেৱক ঈশ্বৰ বুদ্ধি কৰি দি সেৱা কৰিলে। এইদৰে শঙ্কৰদেৱে অনুক্ৰমে গৈ গৈ গঙ্গা পাই গঙ্গাত বিধিমতে স্নান দান কৰি, তাৰ পিছত লাহে লাহে গৈ পুৰুষোত্তম ক্ষেত্ৰ পালেগৈ। শঙ্কৰ আঠাৰনলা-চৌকি পালত পাণ্ডাসকলে আহি তেওঁক জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদ দিলে। তাৰ পিছত তেওঁ দাৰুব্ৰহ্ম জগন্নাথ মুৰ্ত্তি দৰ্শন কৰি,পঞ্চতীৰ্থ ভ্ৰমি সকলো কৰ্ত্তব্য কাৰ্য্য সমাধা কৰিলে। পুৰীত তেওঁ ব্ৰহ্ম-পুৰাণৰ আখ্যান মতে ক্ষেত্ৰৰ মাহাত্ম্য ব্যাখ্যা কৰি আৰু আন আন শাস্ত্ৰ বিষয়ত নিজৰ পাণ্ডিত্য প্ৰকাশ কৰি পাণ্ডাসকলৰ শ্ৰদ্ধা ভক্তি আকৰ্ষণ