পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


মহা চোটে বট গোট অভ্যন্তৰ ভৈল॥ সৰ্ব্বজয় বলৰাম লগত আছিলা। গঙ্গা আগমন বেগ দুইহানো দেখিলা॥ তাৰাজনে বোলে ইটো কিবা বৰ কাজ। সাত বৈকুণ্ঠকো দেখিলন্ত সবে ৰাজ॥ শঙ্কৰে বোলন্ত আৰু কাতো নকহিবা॥ ভক্তৰ বাঞ্চায়ে সৰ্ব্ব সিদ্ধিক জানিবা॥ এহি বুলি গুৰু আসি শয়ন কৰিলা। শব্দ শুনি বুঢ়া খাঁ আৱৰজন আইলা॥ কিবা ভৈল বুলিয়া আৱৰজন আসি। শোধন্তে কহিলা গুৰু বদন প্ৰকাশি॥ “ কোন ভয় নাহি তোৰ চলিয়োক ঘৰ। প্ৰভাতে দেখিবা যেন কৰিলা ঈশ্বৰ॥” ৰাতিপুৱা সকলোৱে বৰ গছজোপা থকা ঠাইত “আকাশী গঙ্গা” দেখি আচৰিত মানিলে।

 ইয়াৰ কিছুকালৰ পিছত শঙ্কৰে ৰামচন্দ্ৰ কায়স্থৰ পুত্ৰ হৰিলৈ মনুক বিয়া দিলে। জোৱায়েকক “ শঙ্কৰে বোলন্ত বাপু শুনিয়ো জমাই। এক- গুটী জীউ মোৰ পুত্ৰ আৰ নাই। তুমি সে আমাৰ পুত্ৰ থাকা এই ঘৰ। যতেক সৰ্ব্বস্ব আছে সকলো তোমাৰ॥ শঙ্কৰৰ আজ্ঞা মানি তথাত থাকিলা। ধৰ্ম্ম প্ৰকাশিয়া দেৱ শঙ্কৰ ৰহিলা॥ ভুয়াঁ ব্ৰাহ্মণগণ আসি প্ৰতিদিন। শঙ্কৰৰ পাশে কৰে হৰিৰ কীৰ্ত্তন॥”