পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সহজ নহয়। শ্লোকটিত আকৌ কৈছে “অমানিনা মানদেন। নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাব আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান, যশ, ধন, পদগৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অঙ্কুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হলেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিক ভাবে নহয়, অন্তৰেৰে সৈতে সন্মান কৰিব পাৰিবা। চৈতন্য দেৱৰ এই মহা উপদেশ বাস্তবিক অমূল্য।

 শঙ্কৰদেৱ মাধৱদেৱৰ শিকনি এয়ে। সুদৃঢ় বিশ্বাস আৰু শ্ৰদ্ধাপূৰ্ব্বক এক প্ৰাণ হৈ হৰিনাম শ্ৰবণ কীৰ্ত্তন কৰিব নোৱাৰিলে সিদ্ধি নহয়। এইভাবে নাম প্ৰসঙ্গ কৰিব পাৰিলে লাহে লাহে নামত ৰুচি, ক্ৰমে নামত আগ্ৰহ আৰু শেহত নামত আনন্দ জন্মিব আৰু তেতিয়া ঈশ্বৰ নিজেই হৃদয়ত প্ৰকাশিত হব। লোকক দেখাই কেবল “হৰি হৰি” বুলি কপটতা কৰিলে একো সিদ্ধি নহয়। যি লোকে দেহ জন অৰ্থ পদমৰ্য্যদা আদিৰ আশা কৰি হৰিনাম লয় তেওঁলোকক হৰিনামে তাৰিব নোৱাৰে।তেওঁলোকৰ ভক্তিমাৰ্গ আশ্ৰয় কৰা বৃথা। শঙ্কৰমাধৱ দুইৰো পুথিবিলাকত এইবিলাক কথা বাৰে বাৰে উল্লেখ কৰা আছে।(৩)


(৩)

“সুদৃঢ় বিশ্বাস কৰি যিটোজন,
 সদা ৰাম নাম গাৱে।
তাক পাপদায় দিয়া দুষ্ট কলি
 দুৰতো দুৰ পলাৱে॥”

“কৃষ্ণ কথা শুনে গাৱে যিটো শ্ৰদ্ধা কৰি।
অল্প কালে হিয়াত প্ৰবেশ হোন্ত হৰি॥”

“ৰহস্যক জানে যিটো লোক  সতত কীৰ্ত্তন কৰে মোক
 ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত।
মোৰ সৰ্ব্বোত্তম দুই পাৱে  কৰে নমস্কাৰ ভক্তি ভাৱে
 তাৰ মোৰ এৰা এৰি নাই কদাচিত।”
“মুকত সবৰো মনক টানিয়া  আনয় হৰিৰ গুণে।
 একপ্ৰাণ হুয়া মহন্ত সকলে গাৱয় কহয় শুনে॥”
“দেহ ধন জন অৰ্থ লোভে  পাষণ্ড বুদ্ধিৰে যিটো লৱে

 সিটো হৰিনামে শীঘ্ৰ তাৰিতে নপাৰে॥”

-ঘোষা।