পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় অধ্যায়

বাৰ বছৰৰ পৰা বত্রিশ বছৰলৈকে

 এদিন শঙ্কৰে ভাত খাবলৈ বহোঁতে খেৰসূতী বুঢ়ীমাকে তেওঁক কলে, “বাপু, তুমি পঢ়িব লাগে। আমাৰ বংশত উপৰি পুৰুষ সকলাে পণ্ডিত। তােমাৰ এতিয়া ইমান বছৰ হ’ল তুমি নপঢ়িলে মূৰ্খ হৈ থাকি বংশৰ গ্লানি আনিবা, আৰু তুমি ভৱিষ্যতত দৰিদ্ৰ হৈ দুখত কাল কটাব লাগিব। ভাতৃয়ে ধনসম্পত্তিৰ ভাগ পায়, বিদ্যাধন, কোনােৱে ভাগ কৰিব নােৱাৰে, চোৰেও চুৰ কৰিব নােৱাৰে।” শঙ্কৰে বুঢ়ীমাকৰ এই কথা শুনি উত্তৰ দিলে “কোন পণ্ডিতৰ ওচৰত পঢ়িব লাগে, মােক পঠিয়াই দিয়া, মই অতি অলপ দিনৰ ভিতৰতে পঢ়ি তােমালােকৰ মনত সন্তোষ দিম।” এই কথা শুনি বুঢ়ীমাকে ভাল দিন-ক্ষণ চোৱাই মহেন্দ্ৰ কন্দলিৰ পঢ়াশালিত পঢ়িবলৈ শঙ্কৰক পঠিয়াই দিলে । *ভাদ মাহৰ কোনাে এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শঙ্কৰৰ বিদ্যাৰম্ভ কৰা হ'ল, আৰু সেইদিনাই তেওঁ ক, খ, আদি ব্যঞ্জনবর্ণ শিকিলে। ব্যঞ্জনবর্ণ শিকাৰ পিচত শঙ্কৰে অকল ব্যঞ্জনবর্ণ জোঁটাই এটি পয়াৰ কৰি অধ্যাপক মহেন্দ্র কন্দলিক দিয়াত কন্দলিয়ে আচৰিত মানি মনত বৰ সন্তোষ পালে। অকল ক-ফলা পঢ়িয়েই যি ল'ৰাই এনে পদ্য বা কবিতা লেখিব পাৰে, সেই ল'ৰাৰ ভবিষ্যত কি, সহজেই অনুমান কৰিব পাৰি। কৱিতাটো কোনে শুৱলা আৰু সুন্দৰ ভাৰৰ চাওক-


গৃহক আসিয়া পাছে ভােজন কৰন্ত। সেহি সময়ত তাঙ্ক গােসাঁনী মাতন্ত ॥
শুনৰে টামন তই উমলি ফুৰস। এতমান ভৈলি আসি এতাে নপৰস ॥
হেন শুনি শঙ্কৰে পঢ়িবে নিতে যান্ত। ক কালি পৰ্য্যন্ত ফলা সৰে পঢ়িলন্ত ॥
পঢ়িলন্ত আন যত পঢ়িবে লাগয়। সন্ধি সংঙ্গা সাধিবে লাগিলা মহাশয়।।

দৈত্যাৰি।