শঙ্কৰদেৱ ক্ৰমে লৰি ফুৰিব পৰা হ'ল। দিনে-ৰাতিয়ে তেওঁৰ ধেমালিৰ বাহিৰে আন একো কাম নাছিল। লগৰীয়া-সমনীয়া ল'ৰাবিলাকেৰে সৈতে তেওঁ উমলি-জামলি ৰং-ধেমালি কৰি লৰি-ঢাপৰি নাচিবাগি কোঢ়াল কৰি কাল কটাইছিল। কেতিয়াবা ঘিলা খেলিছিল, কেতিয়াবা কোটোৰা খেলিছিল, কেতিয়াবা কেতিয়াবা বিৰিণাৰ জোপাত সোমাই লুকা-ভাকু কুক-ভা খেলিছিল, আৰু কেতিয়াবা ভটা খেলিছিল। এদিন লগৰীয়া
ল'ৰাবিলাকেৰে সৈতে তেওঁ হাবিলৈ গৈ তাৰপৰা পহু-পোৱালি এটা ধৰি আনিছিল; আৰু অলপ সময় সেই পহু পোৱালিটোৰে সৈতে তেওঁ ধেমালি কৰি আকৌ তাক এৰি দিলে। এদিন তেওঁ বটা চৰাই এটা ধৰি আনি ধেমালি কৰিছিল, কিন্তু লগৰ লৰাবোৰে চৰাইটোক কষ্ট দিব খোজাত সিহঁতক বাধা দি চৰাইটো এৰি দিলে। তেওঁ ধেমালিতে ভাদমহীয়া ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ-সিপাৰ হৈছিল। এদিন তেওঁ ব্ৰহ্মপুত্ৰত বহ্মপুত্ৰত বুৰ মাৰি পানীৰ তলত ভালেখিনি বেলি আছিল। পানীৰপৰা ইমানখিনি সময়তো শঙ্কৰ নোলোৱা দেখি লগৰীয়া ল'ৰাবোৰে ভয়ত কান্দিবলৈ ধৰিলত তেওঁ ওলাই আহিল। এদিন শঙ্কৰে লগৰীয়া সকলেৰে সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত উমলি ফুৰোঁতে
দেখিলে যে এটা শিহুৱে নৈৰ পানীত বুৰ মাৰি মাৰি উজাই গৈছে। শঙ্কৰেও পানীত বুৰ মাৰি সেই শিহুটো ধৰি আনি ল’ৰাবিলাকক দেখুৱাই আকৌ তাক পানীত এৰি দিলে। শঙ্কৰৰ যেতিয়া দহ বছৰ বয়স, তেতিয়া এদিন তেওঁলোকৰ ঘৰত এটা ডাঙৰ সাপ সোমাইছিল। সাপটো দেখি বুঢ়ীমাক আৰু ধাইমাক চন্দৰীৰ চুলিৰ আগে ধাতু গ'ল। এনেতে শঙ্কৰ ঘৰ পালেহি। তেওঁ থাপ মাৰি সাপটোৰ নেজত ধৰি একেচোচাই টানি নি তাক চোতাল পোৱালেগৈ; আৰু মূৰৰ ওপৰলৈ তুলি আলাসতে পাকচেৰেক ঘুৰাই দূৰলৈ মাৰি পঠিয়ালত সাপৰ প্ৰাণ গ'ল। মহাপুৰুষীয়া ভকতসকলে এই ঘটনাটো শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৎসাসুৰ বধেৰে সৈতে তুলনা কৰে। শঙ্কৰে বাৰ বছৰলৈকে এইদৰে নানা প্ৰকাৰে উমলি ফুৰি কাল কটাইছিল।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ