শ্ৰীশদেৱ আৰু শীদেৰ ২৬৫ , তিপামত গোপী আতে নাৰে এজন আছিল। তেওঁ মধুপুৰ থানলৈ গৈ বুঢ়ীৰ-পো-গগাবিন্দ আতৈ অধিকাৰৰ ওচৰত ধৰ্মক ধৰিলে। গোৰিল অধিকাৰে গোপী আতৈক এই বুলি কৈ পঠিয়াই দিলে-শুনা গোপী, তুমি তোমাৰ দেশলৈ যোৱ, উজনিৰ বাপু যৰে ধৰ্শক প্ৰকাশ কৰি তোমাৰ ওচৰতে আছে, তেওঁকে ভক্তি সেৱা কৰি সৰ্বধৰ্ম পাৰা।" এই আজ্ঞা শুনি গোপী আতৈ উজাই আহি বদুল আতাৰ পাশ পাই আতাক সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। বলা আতাৰ আজ্ঞাত গোপী আতৈয়ে তিপামতে জৰাবাৰী সত্ৰ কৰিলে। আৰু তাৰপৰা বলা আতাৰ ওচৰলৈ অহাযোৱা কৰি সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে। বদুলা আতা মুদৈভেটিত থাকোঁতে ৰ দলৈ আতে, সামোদৰ টকৌ- বৰীয়া বৰুৱা, কৌপতীয়া বৰুৱা, পৰীক্ষিত কোৱৰ, অনন্ত কটকী, তেলীয়া হাজৰিকা, চিতলীয়া আতৈ, কৰুণা ভুয়া আদি অনেক লোকে তেওঁক প্ৰাৰ্থনা কৰি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিলেহি। দিখৌমুখৰপৰা আতাৰ জ্যেষ্ঠ ভ্ৰাতা শঙ্কৰদাস আতাৰ ওচৰত ওলালগৈ। তেওঁক দেখি আতাই এনে উচচাৰণ কৰিলে “মোৰ ওচৰলৈ চোৰ কিয় আহিল।” এই কথা শুনি বৰজনে ভাৰি নেপালে যে তেওঁক কিয় চোৰ বোলা হল। তেওঁ হৰি আতৈৰ ওচৰলৈ গৈ এই কথাৰ মানে শুধিলত হৰি আতৈয়ে তেওঁক বুজাই কলে যে তেওঁৰ ৰাম নামৰ চোৰ বুলিছে, তেওঁ নাম প্ৰসঙ্গ নকৰে দেখি। শঙ্কৰদালে কলে “মোৰ ঘৰ নাই, দুৱাৰ নাই, বইবন্তু একো নাই, মই কেনেকৈ নাম প্ৰসঙ্গ কৰিম?” হৰিতৈয়ে কলে “তুমি বন্ধু পবিজন লৈ প্ৰৱৰ্তি আছ, নাম লৰ নোৱাৰা কিয়? নাম লবলৈ ঘৰ দুৱাৰ দ্ৰব্য বস্তু একো নালাগে।” এই কথা শুনি শঙ্কৰদাস বিষাদিত মনেৰে ঘৰলৈ গল। আকৌ এদিন শৰদালে ভায়েকৰ ওচৰলৈ আহি কলেহি যে “মোক চাউল সিজাই দিয়া, তোমাৰ ইয়াতে থাকি ভোজন কবিন।” বদুলা আতাই কলে “মোৰ ঘৰবাৰী দ্ৰব্য বস্তু সকলোকে তুমি কাঢ়ি লল, ঘৰ এৰি দূৰত থাকোঁতেও তুমি মোক নগুৰ্নাগাত কৰিবলৈ এৰা নাছিল; সেইদেখি মই সকলোকে ত্যাগ কৰিলোঁ। মোৰ গুৰুজনৰ আগত মোৰ কোনো নাই বুলি মই কৈ আহিছে; সেইদেখি নোৰ বংশ পৰিয়াল ককাই ভাই কোনো নাই। তুমি মুৰৈ ঘৰতে ভোজ গৈ।”