পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধীশৰদেৱ আৰু এখানে ২৪৯ ওলাই মাধৱদেৱক সেৱা কৰিলত, মাধৱদেৱে তেওঁক কলে “গঙ্গাৰ প্ৰধান যাটত তুমি জান নকৰিবা, আঁতৰ হৈ আন পিনে স্নান কৰিব; পাপীৰ ভয়ত প্ৰধান ঘাটত গঙ্গা নাথাকে। আমি পৰ্বে গঙ্গা স্নান কৰোতে তেনেকৈ কৰিছিলোঁ। তুমিও সেইদৰে আন কৰিবা। নাভি মাত্ৰ জলত নামি দ্ৰব্য লৈ থাকিবা, গঙ্গাই হাত পাতি নিব। তিনটা লহৰেৰে গঙ্গাই তোমাক স্নান কৰাব। তমি ভক্তিপৰ হৈ নিৰ্ভয়ে থাকি। আনাতে হহকি আহি তীৰত উঠিবা; আনিত্যকাৰ্য্য কৰি গুচি আহিব।” এইদৰে গুৰুজনৰ কথা শুনি পা আতাই যদমণি আতেৰে সৈতে তীৰ্থলৈ যাত্ৰা কৰিলে। গধুলি তেওঁলোক এঘৰত আহি ৰল। যদুমণিয়ে বহি এই ভাটমা মাতিলে— ব্ৰহ্মা মহেশ্বৰ যাকৰ চাকৰ তাকেৰি গুণ মুহ লেহ। মাধৱ বান্ধব সাধৰ মুকুতি, তাহে চৰণ নিত্য দেই।” সেই ভাটমা শুনি কলাপ আৰু কেশৰী দুয়ো উজাৰি উঠি কলে “ব্ৰহ্মা মহেশ্বৰক চাকৰ বোল তই? তোৰ ইমান সাহ?” পদ্ম আতাক তেওঁলোকে কলে “ইয়াক বাহিৰ কৰি দিয়া, আমি দণ্ড কৰে॥” এই বুলি মনে যনে গজ্জিবলৈ ধৰি কোনোমতে শান্ত নোহোৱা দেখি আতাই যদুমণিৰ পিঠিত হাত দি তেওঁলোকক দেখুৱাই মিছাকৈয়ে গ্ৰহাৰ কৰি, তেওঁলোকক চেচ কৰি, ভাৰিলে ‘গুৰুজনে মোক ভাল লগ দিলে।” ৰাতিটো কষ্টমনেৰে আতা পৰি ৰল। ৰাতিপুৱাই যাত্ৰী দুজনে আতাক চলা বুলি যাবলৈ মাতিলত, আতাই তেওঁলোকক কলে “মই এতিয়া যাৰ নোৱাৰো, মোৰ গা বেয়া; তোমালোক দুয়ো আগবাঢ়ি বোৱ॥ মোৰ ভাগিনৰ নাম জগন্নাথচৰণ; তেওঁ গঙ্গাস্নান কৰি মোক লৈ যাবলৈ বেগতে উভতি আহিব লাগিছে, তেওঁৰে সৈতে মই যান। তোমাললাকে কৃপা কৰি তেওঁক লগ পাই মোৰ এই বাতৰি কৰ।” এই কথা শুনি কলাপ কেশীগুটি গল, আৰু তেওঁলোকে বটত যতে উভতি অহ যাত্ৰী দেখে ততে “কাহা জগন্নাথচৰণ?” বুলি যি যি অগয়াচৰণ পাই মোমায়েকৰ বাৰ্তা